নিশাৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা, দেৱদূত হৈ উপস্থিত হল অভিনেতা চনু সুদ, ৰক্ষা কৰিলে যুৱকৰ প্ৰাণ

নিউজ ডেস্ক। পুনৰ এবাৰ দেৱদূতৰ দৰে আর্তজনৰ কাষত থিয় হল অভিনেতা চনু সুদ।

কোভিড পৰিস্থিতি আৰু লকডাউনৰ সময়ত লাখ লাখ ভাৰতীয়ৰ বাবে বিশ্বাস আৰু ভৰসাৰ নাম হৈ পৰা বলিউডৰ অভিনেতা চনু সুদে আকৌ এবাৰ নিজৰ মহানুভৱতাৰ পৰিচয় দিলে।

এজন দুৰ্ঘটনাগ্ৰস্ত যুৱকৰ প্ৰাণ ৰক্ষা কৰি অভিনেতাগৰাকী এতিয়া সৰ্বত্ৰে প্ৰশংসিত হোৱাই নহয়, দেৱদূত ৰূপেও আখ্যা লাভ কৰিছে।

5

দৰাচলতে পঞ্জাৱৰ মোগা জিলাৰ চহৰখনৰ কোটকাপুৰা বাইপাছত মঙ্গলবাৰে নিশা দুখন বাহনৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনা সংঘটিত হৈ থকা সময়তে অভিনেতা চনু সুদ সেই পথৰে গৈ আছিল।

ভয়ংকৰ দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি তেওঁ ততাতৈয়াকৈ গাড়ীৰ পৰা নামি আহে আৰু নিজৰ সতীৰ্থ সকলৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ দুৱাৰ ভাঙি আহত যুৱকজনক উদ্ধাৰ কৰে।

তাৰ পিছতে অভিনেতাগৰাকীয়ে আহত যুৱকজনক কোলাত তুলি আনি নিজৰ বাহনেৰে হাস্পতাললৈ লৈ যায়। যাৰ ফলত প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ।

চনু সুদৰ তৎপৰতাৰ বাবে হাস্পতালত চিকিৎসাধীন হোৱা যুৱকজনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

বলিউডৰ তাৰকাগৰাকীৰ এনে মহানুভৱ কাৰ্যৰ বাবে এতিয়া সামাজিক মাধ্যমত বিভিন্ন জনে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। চনু সুদ কেৱল ছবিৰ নায়কেই নহয়, তেওঁ সঁচাকৈয়ে এগৰাকী বাস্তৱ জীৱনৰ নায়কো।

Leave a Comment