Tue. Nov 24th, 2020

ৰিপ’ৰ্টঃ নিউজ ডেক্স

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ লগতে সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিবাদ ।

কিন্তু এই প্ৰতিবাদক আওকান কৰি কেন্দ্ৰই ৰাজপত্ৰিত অধিসূচনা জাৰি কৰি দেশজুৰি শুক্ৰবাৰে বলৱৎ কৰিলে্ নাগৰিকত্ব সংশোধনী আইন ।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছতে অধিক তীব্ৰতৰ হৈছে অসমীয়া ছাত্ৰ সমাজৰ লগতে দল-সংগঠনৰ ক্ষোভ।

যাৰ বাবে নিশা প্ৰায় ১২ বজাত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে কটনিয়ানে ।

প্ৰতিবাদকাৰী কটনিয়ান ছাত্ৰ সকলে নিশাই ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে আজি ‘কা’ বিৰুদ্ধে ৰাজ্যজুৰি জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম ছাত্ৰ সন্থাই ।

উল্লেখ্য যে, শনিবাৰে কটনিয়ান সকলে পালন কৰিব ছাত্ৰ বিদ্ৰোহৰ এমাহ । য’ত ছাত্ৰ বিদ্ৰোহৰ ১০০০ ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে আবেলি্ অনুষ্ঠিত হ’ব মুকলি সমাবেশ ।