নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী হোৱা নাই, ৰাজনৈতিক ষড়যন্ত্ৰহে হৈছেঃ মন্ত্ৰী কেশৱ মহন্ত

নিউজ ডেস্কঃ নিযুক্তি কেলেংকাৰীয়ে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত ভেকোভাওনাত পৰিণত হোৱা এই নিযুক্তি প্ৰক্ৰিয়াক লৈ এতিয়া ক্ষুব্ধ নিবনুৱা। নিযুক্তি কেলেংকাৰীৰ ইটোৰ পিছত সিটো তথ্য পোহৰলৈ অহাৰ পিছত চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে বিভিন্নজন।

কিন্তু ইমানৰ পিছতো নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন হোৱা বুলি নিজৰ দাবীত অটল চৰকাৰৰ মন্ত্ৰী বিধায়ক। পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, দিগন্ত কলিতা আদিৰ দৰে বহবল্কী মন্ত্ৰী-বিধায়কৰ সজোৰ দাবীৰ পিছত এইবাৰ নিযুক্তি কেলেংকাৰী প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ কেলেংকাৰী সংঘটিত হোৱা নাই বুলি দাবী কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে নিযুক্তি প্ৰক্ৰিয়াৰ নামত এতিয়া ৰাজনৈতিক ষড়যন্ত্ৰহে চলিছে। একাংশ ৰাজনীতিকৰ সান্দহ খোৱা বালি তল যাব বুলিয়েই নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে।

মন্ত্ৰী মহন্তৰ মতে, নিযুক্তি প্ৰক্ৰিয়া যে স্বচ্ছ আৰু নিকাভাৱেই সম্পন্ন হৈছে, তাত কোনো সন্দেহ নাই। কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা সকলৰ পিছত কোন কোন আছে সেয়া চাই ল’বলৈহে আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই।