নিয়ন্ত্ৰণ হেৰুৱাই দোকানৰ ভিতৰত সোমাল তীব্ৰবেগী বাহন!

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণহীন হৈ পথৰ কাষৰ দােকানত সােমাল এখন তীব্ৰবেগী বাহন।

এই দুৰ্ঘটনাত স্থান কামৰূপ জিলাৰ ৰঙিয়া।

8
নিয়ন্ত্ৰণ হেৰুৱাই দোকানৰ ভিতৰত সোমাল তীব্ৰবেগী বাহন! 2

জানিব পৰা মতে, ৰঙিয়াৰ শ’লমাৰীত এএছ ১১জি ৭২২১ নম্বৰৰ আই-১০ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ওৱেল্ডিং মেকানিকৰ দোকানত সোমাই যোৱাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত আহত হয় বাহনখনৰ চালকজন।

দুৰ্ঘটনাটোৰ ফলত দোকানখনৰ বহু সা-সামগ্ৰীৰ ক্ষতিসাধন হয় বুলি জানিবলৈ দিয়ে দোকানখনৰ স্বত্ত্বাধিকাৰীজনে।

ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ বাহনখন ৰঙিয়া আৰক্ষী থানালৈ লৈ আহে।

Leave a Comment