ৰাষ্ট্ৰীয়
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তলত পৰিল তেলভৰ্তি টেংকাৰ, বিস্ফোৰণ হৈ চাৰিজনৰ কৰুণ মৃত্যু…

এক ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তলত পৰিল তেলভৰ্তি টেংকাৰ। চাৰিজনৰ মৃ্ত্যু।
ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বৰ নয়াগড় জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তেল টেংকাৰখন পাৰাদীপৰ পৰা সম্বলপুৰ অভিমুখে গৈ থকা অৱস্থাত কুছুমী নৈৰ ওপৰত থকা পান্দুছাৰা দলঙত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে।
টেংকাৰখন দলঙৰ পৰা পৰাৰ কিছু সময়ৰ পাছতে বিস্ফোৰণ ঘটে।
দুৰ্ঘটনাটোত মৃত লোক কেইজন হৈছে, চালক সমীৰ নায়ক, সহকাৰী পংকজ নায়ক।
লগতে তেওঁলোকক উদ্ধাৰ কৰিবলৈ যোৱা দুজন স্থানীয় বাসিন্দা দীপু খাটুৱা আৰু চন্দন খাটুৱা।
পৰৱৰ্তী সময়ত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।