নিয়তিৰ পৰিহাস! মাত্ৰ ১০ মাহৰ ব্যৱধানত পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিথৰুৱা হৈ পৰিল এহাল কণমানি ভাতৃ-ভগ্নী…

নিউজ ডেস্কঃ নিয়তিয়ে নিথৰুৱা কৰিলে এহাল কণমানি ভাতৃ-ভগ্নীক!

মাতৃক হেৰুওৱাৰ ১০ মাহ পিছতে পিতৃকো অকালতে হেৰুৱাই এতিয়া অন্ধকাৰ ভৱিষ্যতৰ গহ্বৰত সোমাই পৰিছে ছিপাঝাৰৰ এহাল কণমানি ভাতৃ-ভগ্নী।

ল’ৰা-ছোৱালীহালৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লগতে আত্মীয় স্বজনো।

কণমানি ভাতৃ-ভগ্নীহালৰ এতিয়া একমাত্ৰ ভৰষা হৈছে অশীতিপৰ বুঢ়ী আইতাক।

উল্লেখ্য যে, দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ জানুৱাৰীত মাহত শেষ নিশ্বাস ত্যাগ কৰিছিল ছিপাঝাৰৰ সাতঘৰীয়া- মাজচুবুৰিৰ নিৱাসী কৰুণা নাথ (৫১)ৰ পত্নী হিমানী দেৱীৰ।

তাৰ পিছতে যোৱা নিশা অসহ্য পেটৰ বিষত আক্ৰান্ত হৈ হাস্পতালৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰে কৰুণা নাথেও।

মাত্ৰ ১০ মাহৰ ব্যৱধানত এনদৰে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই ঘাটমাউৰা হৈ পৰিছে তেওঁলোকৰ দুই সন্তান সপ্তম শ্ৰেণীত অধ্যয়নৰত ভৃগু কুমাৰ নাথ আৰু পঞ্চম শ্ৰেণীত অধ্যয়নৰত নন্দিতা দেৱী।

নিথৰুৱা ল’ৰা-ছোৱালীহালৰ বাবে এতিয়া একমাত্ৰ ভৰষা তেওঁলোকৰ বুঢ়ী আইতাক হ’লেও তেওঁৱো বিভিন্ন ৰোগত আক্ৰান্ত।

যাৰ বাবে এতিয়া কণমানি ভৃগু আৰু নন্দিতাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে আত্মীয় স্বজনৰ লগতে ওচৰ চুবুৰীয়া।

photo1668590659
নিয়তিৰ পৰিহাস! মাত্ৰ ১০ মাহৰ ব্যৱধানত পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিথৰুৱা হৈ পৰিল এহাল কণমানি ভাতৃ-ভগ্নী… 2

ল’ৰা-ছোৱালীহালক সু নাগৰিক হিচাপে গঢ় দিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ সহায় বিচাৰিছে সকলোৱে।