
নিউজ ডেস্কঃ শীঘ্ৰে পুনৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব চাকৰি। শুকুৰবাৰে খানাপাৰাত ১১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে দুই এদিনৰ ভিতৰতে পুনৰ ১০ হাজাৰ চাকৰি মুকলি কৰি দিয়া হ’ব। ফৰেষ্ট বেটেলিয়ানত এটা নতুন পদ সৃষ্টি কৰি এই নিযুক্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ কয়, ”এই কেইদিন কেইবাজনো যুৱক-যুৱতীক লগ পাইছো। তেওঁলোকে কৈ আছে, ছাৰ আমি এক নম্বৰৰ বাবে নাপালো, আধা নম্বৰৰ বাবে নাপালো। মই কৈছো- তোমালোকে দৌৰি থাকা। আমি শীঘ্ৰে ফৰেষ্ট বেটেলিয়ানত এটা নতুন বেটেলিয়ানত নিযুক্তি দিম।’
উল্লেখ্য যে, শুকুৰবাৰে খানাপাৰত অসম চৰকাৰে ১১২৩৬ গৰাকী সফল প্ৰাৰ্থীক অসম চৰকাৰৰ ২৪টা বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰে।