নিবনুৱালৈ ডাঙৰ খবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬,৪৪১টা পদৰ বিজ্ঞাপন…

ৰাজ্যৰ নিবনুৱা সকললৈ এক ডাঙৰ খবৰ।
ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে তৃতীয়-চতুৰ্থ বৰ্গৰ বৃহৎ সংখ্যক পদৰ বিজ্ঞাপন।
সৰ্বমুঠ ২৬,৪৪১টা খালী পদৰ বাবে বিজ্ঞাপন জাৰি কৰা হৈছে চৰকাৰে।
ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ অংশ হিচাপে শনিবাৰে Assam State Recruitment Commission-এ প্ৰকাশ কৰিছে দুখনকৈ চাকৰিৰ নটিফিকেশ্যন।

ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা ১৩,১৪১টা আৰু চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা ১৩,৩০০টা।
আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইনৰ মাধ্যমেৰে হ’ব।
১১ এপ্ৰিল ২০২২ চনৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।
আনহাতে আবেদনৰ অন্তিম তাৰিখ ৩০ মে, ২০২২।

চতুৰ্থ বৰ্গৰ পদত অষ্টম শ্ৰেণী অৰ্হতাৰ বাবে মুঠ পদ হৈছে- ৯,০০০টা। আনহাতে মেট্ৰিক উত্তীৰ্ণৰ বাবে মুঠ পদ- ৪,৩০০টা।
তৃতীয় বৰ্গৰ পদসমূহ হৈছে- একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰ।
ইয়াৰ বাবে মুঠ পদৰ সংখ্যা হৈছে ৮,৩৩১টা।
ইয়াৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কমেও ৬ মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব।
In a record of sorts, & in pursuance of our commitment of one lakh employment, I am glad to inform that Govt of Assam has issued advertisements for recruitment to another 26,441 Class III & IV posts today itself. Applications can be submitted from April 11 till May 30, 2022. pic.twitter.com/hyDpFSfHD0
— Himanta Biswa Sarma (@himantabiswa) March 26, 2022
ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ ৩,৬৯০টা।
ইয়াৰ বাবে প্ৰাৰ্থী উচ্চতৰ মাধ্যযমিক উত্তীৰ্ণ হব লাগিব।
ড্ৰাইভাৰৰ মুঠ পদৰ সংখ্যা হৈছে- ১,১২০টা।
ইয়াৰ বাবে প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব।
সাধাৰণ শ্ৰেণী, OBC, MOBCৰ প্ৰাৰ্থীসকলে আবেদনৰ মাচুল দিব লাগিব সৰ্বোচ্চ- ৩৫০ টকা।
আনহাতে ST, SCৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল সৰ্বোচ্চ ২৫০ টকা।