নিজৰ সপোনৰ ঘৰখন বচাবলৈ এগৰাকী কৃষকে ব্যৱহাৰ কৰিলে এই অভিনৱ কৌশল, সামাজিক মাধ্যমতো চলিছে চৰ্চা…

নিউজ ডেস্কঃ এটা ঘৰ নিৰ্মাণ কৰাটো এজন সাধাৰণ কৃষকৰ বাবে মুখৰ কথা নহয়। সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ লাগে অশেষ ধন, পৰিশ্ৰম আৰু ত্যাগ। এখন ঘৰৰ লগত জড়িত হৈ থাকে অনেক স্মৃতিও। তেনে এখন ঘৰ যদি ভাঙি পেলাবলগীয়া হয়, তেন্তে বুকুখন মুচৰি উঠাটো স্বাভাৱিক।

পঞ্জাৱৰ এগৰাকী কৃষকেও নিজৰ সমস্ত জমাপুঞ্জি খৰছ কৰি নিৰ্মাণ কৰিছিল এটা ঘৰ। সেইটো কেৱল এটা ঘৰেই নাছিল, আছিল সুখবিন্দৰ সিং নামৰ কৃষক জনৰ এটা সপোন। কিন্তু ভাৰতমালা আঁচনিৰ অধীনত সুখবিন্দৰ সিঙৰ ভেটি মাটিও অধিগ্ৰহণ কৰাত কিছুসময়ৰ বাবে মূৰত সৰগ ভাগি পৰে খেতিয়কজনৰ।

image 152
নিজৰ সপোনৰ ঘৰখন বচাবলৈ এগৰাকী কৃষকে ব্যৱহাৰ কৰিলে এই অভিনৱ কৌশল, সামাজিক মাধ্যমতো চলিছে চৰ্চা… 2

কিন্তু নিজৰ ঘৰখন কোনোপধ্যেই ভাগি পেলাবলৈ অস্বীকাৰ কৰা সুখবিন্দৰে অৱশেষত গ্ৰহণ কৰিলে এক অভিনৱ কৌশল। কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা প্ৰকাণ্ড ঘৰটো তেওঁ অক্ষত অৱস্থাত অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰে।

সেই পৰিকল্পনাৰেই অৱশেষত আগৰ স্থানৰ পৰা ২৫০ ফুট দূৰত্বলৈ স্থানান্তৰিত কৰা হ’ল কৃষকজনৰ সুবিশাল ঘৰটো। লিফটিং প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰায় ৪০ লাখ টকা ব্যয় কৰি স্থানান্তৰিক কৰা হয় ঘৰটো। এই কাৰ্য সম্পূৰ্ণ কৰিবলৈ শ্ৰমিক সকলক সময় লাগে ২ মাহ। শ্ৰমিক সকলে প্ৰতিদিনে ১০ ফুটকৈ ঘৰটো আগুৱাই নিবলৈ সক্ষম হয়। যাৰ ফলত ঘৰটোৰ কোনো ক্ষতি নোহোৱাকৈ অৱশেষত ঘৰটো স্থানান্তৰণ সম্ভৱ হৈ উঠে।

কৃষক সুখবিন্দৰ সিঙে জানিবলৈ দিয়া মতে, তেওঁ এই ঘৰটো ২০১৯ চনত ১.২৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছিল। জীৱনৰ সমস্ত জমা পুঞ্জী তেওঁ ব্যয় কৰিছিল এই ঘৰটো নিৰ্মাণৰ নামত। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ভাৰত মালা অধীনত ভূমি অধিগ্ৰহণ কৰাত তেওঁৰ ঘৰটোৰ মাটিখিনিও সেই আঁচনিৰ ভিতৰত সোমাই পৰে।

যাৰ ফলত উপায়ন্তৰ হৈ কৃষকজনে তেওঁৰ সপোনৰ ঘৰখন লিফটিং জেকৰ সহায়ত পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰিক কৰাৰ পৰিকল্পনা কৰে। কৃষকজনৰ এই অভিনৱ কৌশলে এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।