নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাই ৰিক্সা চালক, ঠেলা চালকৰ সন্তানক অত্যাচাৰ কৰিব নাপায়, কিয় ক’লে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ অসমীয়া মাধ্যমৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰক লৈ পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম ব্যৱহাৰক লৈ ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, বিশিষ্ট ব্যক্তি তথা দল-সংগঠনে বিৰোধিতা কৰাৰ পিছত এইবাৰ তেনে তথাকথিত বিশিষ্ট ব্যক্তিকে সমালোচনা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ বিৰোধিতা কৰিছিল অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কুলধৰ শইকীয়াই নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়াই এতিয়া এনে বিৰোধিতা কৰা উচিত নহয়।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মোৰ নিজৰ সন্তানেও ইংৰাজী মাধ্যমত পঢ়ে। এনে এজন ব্যক্তি আপোনালোকে কৈ দিয়ক, যাৰ ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমত নপঢ়ে। নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাই ৰিক্সা চালক, ঠেলা চালকৰ সন্তানক অত্যাচাৰ নকৰিব।’

আনহাতে সাংবাদিক সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে টক শ্ব’ আৰু টিআৰপিৰ কাৰণে দুখীয়া মানুহৰ জীৱনক লৈ খেলিব নালাগে। সাংবাদিক সকলেও নিজৰ সন্তানক ইংৰাজী মাধ্যমতে পঢ়ুৱাই বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শর্মাই।

তেওঁ লগতে কয়, ‘যিসকলে গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ বিৰোধিতা কৰি আছে, তেওঁলোকে নিজৰ সন্তানক ইংৰাজী মাধ্যমত নপঢ়ায় বুলি অসমবাসীৰ সন্মুখত লিখি দিয়ক।’ মুখ্যমন্ত্ৰীয়ে কয়, ‘নিজৰ সন্তানক ইংৰাজী পঢ়াই এনেদৰে মুখা পিন্ধি থাকিলে অসমখন নচলিব।’

আনহাতে নিজে পঢ়া বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাহায্য আগবঢ়াবলৈ চৰকাৰে জনোৱা আহ্বানে সৃষ্টি কৰা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে যি সকলে সাহায্য আগনবঢ়ায়, তেওঁলোকেহে বিদ্যা অঞ্জলিক লৈ বিতৰ্ক কৰে। যি সকলে দিয়ে, তেওঁলোকে মনে মনেই থাকে।