নিজৰ ব্যক্তিগত জীৱনৰ সুখৰ মুহূৰ্ত শ্বেয়াৰ কৰি সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন ঋতিষা শৰ্মা! কি ক’লে কণ্ঠশিল্পী গৰাকীয়ে…

নিউজ ডেস্কঃ দিনৰ দিনটো ফেচবুক, ইনষ্টাগ্ৰাম খুচৰি আনৰ ব্যক্তিজন জীৱনক লৈ ইতিকিং কৰা নেট ব্যৱহাৰকাৰীৰ সংখ্যা অনেক আছে। এইসকল নেট ব্যৱহাৰকাৰী গাঁৱৰ সেই ‘বিশেষ তিৰোতা গৰাকীৰ’ দৰেই, যিয়ে দিনটো ইঘৰে সিঘৰে ঘূৰি আনৰ ব্যক্তিগত জীৱনৰ কথা খুচৰি ফুৰে।

সামাজিক মাধ্যমক কিছুদিন পূৰ্বে জীৱনৰ আটাইতকৈ স্মৰণীয় আৰু বিশেষ মুহূ্ৰ্তটোৰ সাক্ষী কৰিব বিচাৰিছিল কণ্ঠশিল্পী ঋতিষা শৰ্মাইও। প্ৰাক বিবাহৰ আঙুঠি পিন্ধোৱা পৰ্বৰ সেই বিশেষ মুহূৰ্তটোৰ কেইখন ফটো তেওঁ সাচি ৰাখিব বিচাৰিছিল নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত। কিন্তু সেয়া যে তেওঁৰ বাবে হিতে বিপৰীত হ’ব, সেই কথা তেও সপোনতো ভাৱিব পৰা নাছিল।

photo1658833931
নিজৰ ব্যক্তিগত জীৱনৰ সুখৰ মুহূৰ্ত শ্বেয়াৰ কৰি সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন ঋতিষা শৰ্মা! কি ক’লে কণ্ঠশিল্পী গৰাকীয়ে… 3

২০২২ৰ ২১ জুলাইত কণ্ঠশিল্পী ঋতিষা শৰ্মাই সামাজিক মাধ্যমত তেওঁৰ ব্যক্তিগত বিশেষ দিনটোৰ ফটো পোষ্ট কৰাৰ পিছতে দ্ৰুত গতিত ভাইৰেল হৈ পৰে। অৱশ্যেই নেট ব্যৱহাৰকাৰীয়ে তেওঁৰ ফটো সমূহ যোগাত্মক দৃষ্টিৰে ভাইৰেল কৰা নাছিল, কৰিছিল মাথো সমালোচনা কৰিবলৈ, উপহাস কৰিবলৈ।

নিজৰ ভাৱীস্বামী অঞ্জন শইকীয়াৰ সৈতে উঠা ফটো কেইখন সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিছত নেট ব্যৱহাৰকাৰীৰ ট্ৰ’লৰ সন্মুখীন হয় ঋতিষা। ভাৱীস্বামীৰ সৈতে থকা বয়সৰ পাৰ্থক্য উনুকিয়াই দি ‘দিনটো আনৰ দোষ খুচৰি ফুৰা নেট ব্যৱহাৰকাৰীয়ে’ ট্ৰ’ল কৰিবলৈ ধৰে ঋতিষাক।

তাৰ পিছতে অতিষ্ট হৈ ঋতিয়াই এটা ভিডিঅ’যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলগীয়া হয়। সোমবাৰে এটা ভিডিঅ’ যোগে কণ্ঠশিল্পীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনক লৈ এনে কাৰ্য কৰা সকলক সকিয়নী প্ৰদান কৰে।

photo1658833907
নিজৰ ব্যক্তিগত জীৱনৰ সুখৰ মুহূৰ্ত শ্বেয়াৰ কৰি সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন ঋতিষা শৰ্মা! কি ক’লে কণ্ঠশিল্পী গৰাকীয়ে… 4

ঋতিষাই ভিডিঅ’টোত কয়, ‘আমি কেৱল গান বা অভিনেয়েৰে আপোনালোকক মনোৰঞ্জন দিব খোজো। আমাৰ ব্যক্তিগত জীৱনেৰে নহয়। যিসকলে ব্যক্তিগত জীৱনক লৈ ইমান ট্ৰ’ল কৰি আছে, তেওঁলোকক নিজৰ জীৱনৰ ওপৰত গুৰুত্ব দিয়ক।’

সামাজিক মাধ্যমত নিজৰ সুখৰ মুহূৰ্ত শ্বেয়াৰ কৰিবলৈ গৈ ট্ৰ’লৰ সন্মুখীন হোৱা ঋতিষাই পুনৰ কয়, ‘ইমান ট্ৰল হবলৈ মই কি ভুল কৰিলো? মোৰ হ’বলগীয়া স্বামীৰ বয়স মোতকৈ বেছি আৰু তেওৰ মূৰত চুলি নথকাটোৱেই দোষ নেকি? আমাৰ এইবোৰক লৈ একো অসুবিধা নাই। গতিকে আপোনালোকৰ ইমান অসুবিধা কিয়?’

ইফালে তেওঁৰ ব্যক্তিগত জীৱনক অপমানিত কৰি বাতৰি পৰিৱেশন কৰা একাংশ সংবাদ পৰ্টেল আৰু ফেচবুক পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে ঋতিষা শৰ্মাই। তেওঁ লগতে কয় যে এনেধৰণৰ ট্ৰ’লে তেওঁৰ আৰু হ’বলগীয়া স্বামীৰ পৰিয়ালক যথেষ্ট মানসিক কষ্ট দিছে।