
নিউজ ডেস্ক। অৱশেষত নিজৰ নামত উৎসৰ্গিত বিমানত উঠিলে অভিনেতা চনু সুদে।
কোভিড মহামাৰী আৰু লকডাউনৰ সময়ত আর্তজনৰ কাষত সহায়ৰ হাত হৈ থিয় হোৱা বলিউড অভিনেতা চনু সুদৰ নামত স্পাইচ জেটে উৎসৰ্গা কৰিছিল এখন বিমান।
বিমানখনত অভিনেতাগৰাকীৰ এখন বৃহৎ আলোকচিত্ৰ সংলগ্ন কৰাৰ লগতে কৃতজ্ঞতাসূচক অভিবাদন জনোৱা হৈছে চনু সুদক।

উল্লেখ্য যে, কোভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌত ভাৰতৰ অসংখ্য প্ৰব্ৰজনকাৰী শ্ৰমিক, অভাৱগ্ৰস্ত পৰিয়ালক খাদ্য, আশ্ৰয়, চিকিৎসা প্ৰদান কৰিছিল চনু সুদে।
আনহাতে তেওঁৰ এই সামাজিক কামত আৰম্ভণিৰ পৰা সহায় কৰি আহিছে স্পাইচ জেটে। বিমান কোম্পানীটোৱে চনু সুদৰ সৈতে মিলি কিৰগিজস্তানত আৱদ্ধ হৈ থকা প্ৰায় ১৫০০ শিক্ষাৰ্থীক ভাৰতলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল।
অভিনেতা গৰাকীৰ এনে মহান কামৰ বাবে কোভিড কালতে বিমান কোম্পানীটোৱে চনু সুদৰ নামত উৎসৰ্গা কৰিছিল এখন বিমান।
Finally it happened ❣️✈️@flyspicejet pic.twitter.com/PnaA08jNev
— sonu sood (@SonuSood) January 15, 2022
সেই বিমানখনতে প্ৰথমবাৰলৈ উঠি আনন্দ ব্যক্ত কৰে অভিনেতাগৰাকীয়ে। তেওঁ কয়, “এই যাত্ৰাটো অতি বিশেষ আৰু মোক এই সন্মান দিয়াৰ বাবে স্পাইচ জেটক ধন্যবাদ জনাইছোঁ। মহামাৰীৰ সময়ত, মই এই বিমানখনৰ ছবি দেখিছিলো আৰু ভ্ৰমণ কৰিব বিচাৰিছিলো আৰু অৱশেষত আজি এই ইচ্ছা পূৰণ হল।” বিমানত উঠি তেওঁ সহ-যাত্ৰী আৰু বিমান কৰ্মচাৰীৰ সৈতে চেলফিও তোলে।

অভিনেতাজনে অভিনেতা হোৱাৰ আকাংক্ষাৰে মুম্বাইলৈ অহা সময়ৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে চনু সুদ। তেওঁ কয় যে যি সময়ত তেওঁ মুম্বাইলৈ আহিছিল, সেই সময়ত তেওঁ কল্পনাও কৰিব পৰা নাছিল এনে সন্মান লাভ কৰাৰ কথা।
Your work is an inspiration for us. India needs heroes and she got one during this pandemic. Keep up the good work, @sonusood. We are there for you, and with you in this wonderful journey filled with love and compassion. https://t.co/3x1JucLbmo
— SpiceJet (@flyspicejet) January 15, 2022
ইফালে অভিনেতাজনক এই বিমান উৎসৰ্গিত কৰি স্পাইচজেটে টুইটত লিখে, “আপোনাৰ কাম আমাৰ বাবে এক অনুপ্ৰেৰণা। ভাৰতক নায়কৰ প্ৰয়োজন আৰু এই মহামাৰীৰ সময়ত ভাৰতে সেয়া লাভ কৰিছে। আপুনি ভাল কাম কৰি যাওক। প্ৰেম আৰু সহানুভূতিৰে ভৰা এই যাত্ৰাত আমি আপোনাৰ সৈতে আছোঁ।”