নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে

নিউজ ডেস্ক। নিজৰ জীৱন বিসৰ্জন দি ৩৮ জনকৈ যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে।

হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৩৩ বছৰীয়া বাছ চালক নন্দ কিশোৰে।

কিন্তু দুৰ্ঘটনাৰ সময়ত তৎপৰতা দেখুৱাই বাছখনৰ ভিতৰত থকা ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় নন্দ কিশোৰে।

p1 1
নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে 5

নন্দ কিশোৰৰ এই সাহসিকতা আৰু বুদ্ধিমত্তাক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে দুৰ্ঘটনাত আহত যাত্ৰী আৰু অন্যান্য সকলে।

দুৰ্ঘটনাত আহত কুল্লু জিলাৰ বাসিন্দা চন্দ্ৰ শৰ্মা আৰু মাণ্ডিৰ জোনেল হাস্পতালত চিকিৎসাধীন হৈ থকা উত্তৰ প্ৰদেশৰ বাসিন্দা আশীষ শৰ্মাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোৰ পূৰ্বে চালক নন্দ কিশোৰে বাছখন নিয়ন্ত্ৰণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল।

p2 1
নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে 6

পথৰ এফালে আছিল সুউচ্চ পাহাৰ আৰু আনফালে আছিল পাণ্ডোহ বান্ধ।

নিয়ন্ত্ৰণহীন বাছখন যদি পাণ্ডোহ বান্ধত বাগৰি পৰিলহেঁতেন তেন্তে বাছখনৰ আটাইকেইজন যাত্ৰীৰ মৃত্যু নিশ্চিত আছিল। কিন্তু যেতিয়া চেষ্টা কৰিও নন্দ কিশোৰে বাছখন নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়, তেতিয়া তেওঁ পাহাৰত বাছখন খুন্দা মাৰি ৰখোৱাৰ প্ৰয়াস কৰে। সেই সময়ত তেওঁ সেয়াই উচিত বুলি ভাৱে।

p3 1
নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে 7

চালক নন্দ কিশোৰৰ এই তৎপৰতাত দুৰ্ঘটনাত তেওঁ নিজে প্ৰাণ হেৰুৱায় যদিও অপাৰেটৰসহ ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা পৰে।

ইফালে কাৰিকৰী বিজুতিৰ বাবেই বাছখন নিয়ন্ত্ৰণহীন হৈ পৰাৰ সন্দেহ কৰা হৈছে যদিও এতিয়ালৈকে পৰিবহন বিভাগৰ প্ৰতিবেদন প্ৰকাশ পোৱা নাই।

আনহাতে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এই ঘটনাত শোক প্ৰকাশ কৰিছে।

তেওঁ মৃত নন্দ কিশোৰৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে সকলো সম্ভৱ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

জানিব পৰা মতে, নন্দ কিশোৰ কোটলী উপ-বিভাগৰ অন্তৰ্গত চামৰাহান গাঁৱৰ বাসিন্দা আছিল আৰু তেওঁ ২ বছৰ পূৰ্বে চালক হিচাপে এইচআৰটিচিত যোগদান কৰিছিল।

জানিব পৰা মতে, চলিত মাহৰ ২৩ এপ্ৰিলত নন্দ কিশোৰৰ জীয়ৰীৰ বিয়াৰ দিন ধাৰ্য কৰা হৈছিল, যাৰ বাবে ঘৰত পূৰ্ণ প্ৰস্তুতিও চলিছিল।

তেনে সময়তে নন্দ কিশোৰৰ অকাল মৃত্যুত পৰিয়ালটোত শোকৰ বন্যা নামিছে।

লগতে চাওকঃ

দাওদাওকৈ জ্বলি উঠা জুইৰ মাজৰ পৰা উদ্ধাৰ ৩ বছৰীয়া শিশুক! প্ৰশংসিত আৰক্ষী কনিষ্টবল নেত্ৰেশ শৰ্মা

G4 2
নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে 8

Leave a Comment