নিজৰ অপহৰণৰ নাটক কৰি ৰঙাঘৰৰ আলহী হ’ল কিশােৰী, গ্ৰেপ্তাৰ বন্ধুসহ প্ৰেমিক

নিউজ ডেস্ক। অপহৰণৰ নাটক কৰি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী কিশােৰী। লগতে গ্ৰেপ্তাৰ হ’ল কিশােৰীগৰাকীৰ প্ৰেমিকসহ এজন বন্ধু।

হিন্দী চিনেমাৰ কায়দাৰে অপহৰণৰ নাটক কৰি নিজৰ পিতৃক ধন দাবী কৰিছিল কিশােৰীগৰাকীয়ে।

কিন্তু কিশােৰীগৰাকীৰ পিতৃৰ গােচৰৰ ভিত্তিত তদন্ত কৰি ধুবুৰীত আৰক্ষীয়ে ফাদিল কৰিলে এই নাটকীয় অপহৰণকাণ্ড।

জানিব পৰা মতে, ধুবুৰীৰ কলেজ নগৰৰ এগৰাকী যুৱতীয়ে প্ৰেমিকৰ সৈতে মিলি নিজৰ অপহৰণৰ নাটক ৰচনা কৰে।

সন্ধানহীন হােৱাৰ পাছতে ‘অপহৃত’ যুৱতীৰ পিতৃক পাঁচ লাখ টকাৰ ধন দাবী অপহৰণকাৰী চক্ৰটােৱে।

ইয়াৰ পাছতে পিতৃয়ে ঘটনা সংক্ৰান্তত ধুবুৰী সদৰ আৰক্ষী থআনাত গোচৰ ৰুজু কৰে।

সেই গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী।

অপহৃত যুৱতীগৰাকীয়ে দুই যুৱকৰ সৈতে নিজে অপহৰণৰ নাটক ৰছিচিল বুলি ফাদিল হয় আৰক্ষীৰ তদন্তত।

আৰক্ষীয়ে ইতিমধ্যে যুৱতীসহ আবু ছিদ্দিক আহমেদ আৰু ছফিকুৰ ৰহমানক নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

লগতে আৰক্ষীয়ে জব্দ কৰিছে এটা হস্ত নিৰ্মিত পিষ্টল।

Leave a Comment