নিজৰে অভিলেখ ভংগঃ ২৬বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি অভিলেখ এগৰাকী নেপালী শ্বেৰপাৰ

নিউজ ডেস্কঃ বিশ্বৰ সৰ্বোচ্ছ শৃৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাটো কোনো পৰ্বতাৰোহীৰ বাবেই মুখৰ কথা নহয়। বৰফাবৃত্ত এই বিশাল পৰ্বতৰ শিখৰত আৰোহণ কৰিবলৈ শাৰিৰীকভাৱে সবল আৰু সক্ষম হোৱাৰ লগতে মানসিকভাৱেও হব লাগিব শক্তিশালী।
কঠিন পৰিস্থিতিক জয় কৰিবপৰা দৃঢ় সংকল্পই বহু পৰ্বতাৰোহীক সফলতা প্ৰদান কৰিছে যদিও আন বহুতে আকৌ এই পৰ্বত বগাবলৈ গৈ সাৱটি ল’বলগীয়া হৈছে অকাল মৃত্যুক।

কিন্তু শ্বেৰপা সকলৰ কথাই সুকীয়া। নেপালীৰ এই বিশেষ জনজাতিৰ লোকসকলে ধনৰ বিনিময়ত অন্য প্ৰান্তৰ পৰা অহা পৰ্বতাৰোহীসকলক পথ দেখুওৱাৰ লগতে প্ৰয়োজনত পৰ্বতাৰোহীৰ সামগ্ৰী কঢ়িয়াই পৰ্বতাৰোহণ কৰে।

তেনে এগৰাকী নেপালী শ্বেৰপাই হৈছে কামী ৰিতা শ্বেৰপা। এতিয়ালৈকে মুঠ ২৬ বাৰ বিশ্বৰ সৰ্বোচ্ছ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি নিজৰেই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে কামী ৰিতাই।

কামী ৰিতাই শনিবাৰে তেওঁৰ ২৬তম এভাৰেষ্ট আৰোহণ সফলতাৰে সম্পূৰ্ণ কৰে। ৮৮৪৯ মিটাৰ উচ্চতাৰ এই পৰ্বত শৃংগ আৰোহণ কৰি পূৰ্বে নিজৰ নামতে থকা অভিলেখ ভংগ কৰে ৫২ বছৰীয়া কামী ৰিতাই।

উল্লেখ্য যে, ১৯৯৪ চনৰ ১৩ মে’ত প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হৈছিল কামী ৰিতা। তাৰ পিছত একেৰাহে তেওঁ এই পৰ্বতাৰোহণ অব্যাহত ৰাখিছে।
কাঠমাণ্ডুস্থিত পর্যটন বিভাগৰ সঞ্চালক প্রধান তাৰানাথ অধিকাৰীয়ে জনোৱা মতে, কামী ৰিতাই মাউণ্ট এভাৰেষ্টৰ লগতে মাউণ্ট গডউইন অষ্টিন, মাউন্ট লাহোটছে আদি কেইবাটাও শৃংগ ইতিমধ্যে আৰোহণ কৰিছে।

প্ৰণিধানযোগ্য যে, নেপালে এইবাৰ পৰ্বতাৰোহণৰ বাবে ৩১৬জন আৰোহণকাৰীক অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে যোৱা বছৰ সৰ্বাধিক ৪০৮জন পর্বতাৰোহীক অনুমতি প্ৰদান কৰিছিল নেপালে।
হিমালয়ান ডাটাবেছ অনুসৰি নেপাল আৰু তীব্বতৰ পৰা ১৯৫৩ চনৰ পৰা এতিয়ালৈ মুঠ ১০,৬৫৭ জন পৰ্বতাৰোহীয়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে। আনহাতে এই শৃংগ আৰোহণ কৰিবলৈ গৈ এতিয়ালৈকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৩১১ জন পর্বতাৰোহীয়ে।