নিজৰেই খাবলৈ আকাল! অথচ মাগি পোৱা খাদ্য খোৱালে বাটৰ কুকুৰক, এটা ভাইৰেল ভিডিঅ’ই হৃদয় গলাব আপোনাৰ…

নিউজ ডেস্কঃ এবাৰ এজন দানী ব্ৰাহ্মণৰ ঘৰলৈ ভগৱান শ্ৰীকৃষ্ণ ভিক্ষাৰীৰ ভেশ লৈ আহিল।

ভিক্ষাৰীয়ে চোতালত ভৰি থৈয়েই ব্ৰাহ্মণক চিঞৰি মাতি ক’লে- মই তিনিদিন ধৰি একো খাবলৈ পোৱা নাই। কৃপা কৰি মোক দুটামান অন্ন খাবলৈ দিয়ক।

ব্ৰাহ্মণ আৰু তেওঁৰ পত্নী নিজেই যোৱা এসপ্তাহ ধৰি লঘোণে আছিল। আজি খুজি মাগি কোনোমতে এমুঠি চাউল গোটাই সিজাই খাবলৈ ওলাইছিল। সময় তেতিয়া দুপৰীয়া।

কিন্তু তিনিদিন একো খাবলৈ নাপাই এমুঠি ভাতৰ আশা কৰা ভিক্ষাৰীৰ ভোকাতুৰ মুখখন দেখি মন সেমেকি উঠিল ব্ৰাহ্মণ দম্পতীৰ।

তেওঁলোকৰ নিজৰো যথেষ্ট ভোক লাগিছিল। তথাপিও ভাৱিলে- মই ব্ৰাহ্মণ, কাইলৈ হয়তো মই মাগিবলৈ গ’লে কোনোবাই এমুঠি চাউল দিব। কিন্তু তেওঁ ভিক্ষাৰী। তেওঁ মাগিবলৈ গ’লে মানুহে লেই লেই চেই চেই কৰিব।

ব্ৰাহ্মণ আৰু ব্ৰাহ্মণনীয়ে তাকেই ভাৱি নিজলৈ বুলি ৰন্ধা চাউল কেইটা ভিক্ষাৰীজনক খাবলৈ দিলে। আৰু তিনিদিন লঘোনীয়া পেটেৰে থাকি এমুঠি ভাত খাবলৈ পাই ভিক্ষাৰীৰ মুখত ফুটি উঠা প্ৰশান্তিৰে তেওঁলোকৰো মন ভৰি পৰিল।

শাস্ত্ৰই এই কাহিনীৰে মানৱতা প্ৰকৃতাৰ্থক কি সেয়া হয়তো বুজাত সহজ হৈ পৰে।

কিন্তু বৰ্তমান যুগত এনে মানৱতাৰ অভাৱ প্ৰায়ে পৰিলক্ষিত হয়। বিশেষকৈ আধুনিক যুগৰ তথাকথিত সভ্য সমাজত মানুহে মানুহৰ কথা ভৱাটো এক কল্পনাতীত বিষয়।

কিন্তু এই পৃথিৱীত যিদৰে মানৱতাক ভৰিৰে মোহাৰি পেলোৱা তথাকথিত সভ্য লোক আছে, সেইদৰে আজিও আছে একাংশ প্ৰকৃতাৰ্থত ‘মানুহ’।

যিয়ে কেৱল মানুহৰ কথাই নহয়, ভাৱে জীৱ-জন্তুৰ কথাও।

তেনে এজন ব্যক্তিৰ এটা ভিডিঅ’ই এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

নিজৰে খাবলৈ আকাল সেই ব্যক্তিজনৰ। শীৰ্ণকায় শৰীৰ, দীঘল দাঢ়ি, উদং গা দেখিলেই অনুমান কৰিব পাৰি যে তেওঁৰ হয়তো কোনো নিৰ্দিষ্ট ঠিকনা নাই।

আনৰ পুতৌত জীৱন নিৰ্বাহ কৰা দেখাত ভিক্ষাৰীযেন লগা সেই ব্যক্তিজনৰ বহল হৃদয়খনে এতিয়া মন জয় কৰিছে অনেকৰ।

দৰাচলতে ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে, ভিক্ষাৰীযেন লগা ব্যক্তিজনে দুটা বাতিত পথৰ দুটা কুকুৰক খাদ্য খাবলৈ দিছে।

নিশ্চিতভাৱে তেওঁ সেই খাদ্য আন কাৰোবাৰ পৰা নিজে খাবলৈ লাভ কৰিছিল।

কিন্তু নিজে নাখাই ভোকাতুৰ বাটৰ কুকুৰ দুটাক সেই খাদ্য খাবলৈ দিছে ব্যক্তিজনে।

ব্ৰাহ্মণৰ দৰেই হয়তো সেই সময়ত তেঁৱো ভাৱিছে- মই মানুহ, খুজিলে কাইলৈ হয়তো আন কোনোবাই মোক পুনৰ খাবলৈ দিব। কিন্তু ইহঁত কুকুৰ, দেখিলেই লেই লেই চেই চেই কৰি শিলগুটি দলিয়াব।

ব্যক্তিজনৰ এনে মানৱতা স্বাভাৱিকতেই আজিৰ সময়ত বিৰল। সেই বাবেই এতিয়া ভিডিঅ’টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।

যিয়ে এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিছে, এখন্তেকৰ বাবে হ’লেও তেঁৱৰো মন সেমেকি উঠিছে।