নিজে পঢ়ি অহা বিদ্যালয়খনলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ ‘বিদ্যা অঞ্জলি’ আঁচনিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ৰাজ্যবাসীক নিজৰ সামৰ্থ অনুযায়ী নিজে পঢ়া বিদ্যালয়খনলৈ সাহায্য আগবঢ়োৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিক লৈ বিতৰ্ক কৰিবলগীয়া একো নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় যে গুজৰাট, দক্ষিণাত্যত এই আঁচনিক লৈ কোনো ধৰণৰ বিতৰ্ক হোৱা নাই। অসমত ইয়াক লৈ বিতৰ্ক কিয় হব লাগে?

নিজে পঢ়ি অহা বিদ্যালয়খনত ফেন এখন বা গছপুলি এটা অঞ্জলি হিচাপে অৰ্পণ কৰাটো ভালহে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অসমত পূৰ্বৰে পৰাই এইদৰে বহুতে চৰকাৰী বিদ্যালয়লৈ সেৱা আগবঢ়াই আহিছে বুলিও তেওঁ কয়।

তেওঁ নিজেই অধিবক্তা হিচাপে লাভ কৰা প্ৰথম দৰমহাৰে তেওঁ অধ্যয়ন কৰা কামৰূপ একাডেমীত ৬ খন ফেন কিনি দিছিল বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

এয়া কেন্দ্ৰীয় চৰকাৰৰহে আঁচনি বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি চেইণ্টমেৰিজ বা ডনবস্ক’ৰ দৰে কৰি তোলাৰ পুঁজি নাই, সেয়া সঁচা কথা। কিন্তু চৰকাৰে শিক্ষকৰ দৰমহাৰ পৰা বিদ্যালয় গৃহ নিৰ্মাণলৈকে সকলোখিনি কৰিয়েই আছে বুলি মন্তব্য কৰে তেওঁ।