
নিউজ ডেস্কঃ পুত্ৰই ‘ভাৰতীয়’ হিচাপে নিজকে প্ৰমাণ কৰাত ব্যৰ্থ হৈছিল। যাৰ বাবে তেওঁক বিদেশী বুলি ঘোষণা কৰাৰ পিছতে মানসিক হতাশাত ভুগি আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছিল।
কিন্তু পুত্ৰৰ মৃত্যুৰ ১০ বছৰ পিছত অৱশেষত ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল মাতৃয়ে। সুুদীৰ্ঘ ২২ বছৰ ‘বিদেশী নাগৰিক’ হোৱাৰ এক কলংক মূৰৰ ওপৰত লৈ অৱশেষত ভাৰতীয় নাগৰিক হোৱাৰ নথি-পত্ৰ দাখিল কৰে এগৰাকী ৮৩ বছৰীয়া বৃদ্ধাই।
উল্লেখ্য যে, শিলচৰৰ আকলৰাণী নমসূদ্ৰ আৰু তেওঁৰ পৰিয়ালক ২০০০ চনত বিদেশী ৰূপে ঘোষণা কৰিছিল শিলচৰৰ বিদেশী ন্যায়াধিকৰণে। ১৯৬৫ চনৰ পৰাই অসমৰ ভোটাৰ তালিকাত নাম থকা পৰিয়ালটোৰ হাতত অৱশ্যে ভাৰতীয় হোৱাৰ কোনো তথ্য প্ৰমাণ নাছিল।

যাৰ বাবে ২০১২ চনত হাতাশাত ভুগি ডিটেনশ্যন কেম্পতে আত্মহত্যাৰ পথ বাচি লয় আকলৰাণী নমসূদ্ৰৰ পুত্ৰ অৰ্জুনে। অৱশ্যে ২০১৩ চনত নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ সক্ষম হয় তেওঁৰ কন্যা অঞ্জলীয়ে।
কিন্তু আকলৰাণীৰ বাবে যেন নিজকে ভাৰতীয় বুলি দাবী কৰাটো এক কঠিন প্ৰত্যাহ্বান আছিল। তেওঁৰ ওচৰতো উপযুক্ত নথি-পত্ৰ নথকাৰ বাবে বিদেশী ন্যায়াধিকৰণে তেওঁক বিদেশী বুলি ঘোষণা কৰি থৈছিল।

২০২২ চনৰ ফেব্ৰুৱাৰীত শিলচৰ এফটি-৪ৰ হৈ আলোকৰাণীলৈ এখন জাননী প্ৰেৰণ কৰা হয়। আৰু অৱশেষত তিনি মাহৰ পিছত অৰ্থাৎ ১১ মে’ত, বৈদেশিক ন্যায়াধিকৰণে তেওঁক ভাৰতীয় বুলি ঘোষণা কৰে।