নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি পৰিচয় দি দুৰ্নীতিগ্ৰস্ত IPS বিষয়াক বচোৱাৰ চেষ্টা! DGPলৈ ফোন কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক

নিউজ ডেস্কঃ সুৰাৰ গোচৰত অভিযুক্ত হৈ পৰা এগৰাকী আইপিএছ বিষয়াৰ গোচৰ নিষ্পত্তিৰ বাবে ডিজিপিলৈ ফোন কৰি জালত পৰিল উচ্চ ন্যায়ালয়ৰ এজন ভুৱা মুখ্য ন্যায়াধীশ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ গয়াত।

উল্লেখ্য যে, বিহাৰত সুৰা নিষিদ্ধ হৈ থকাৰ পিছতো গয়াৰ পূৰ্বৰ এছএছপি আদিত্য কুমাৰ আৰু ফতেহপুৰৰ এছএইছঅ’ সঞ্জয় কুমাৰে অবৈধ সুৰাৰ চালান জব্দ কৰাৰ পিছতো ধনৰ বিনিময়ত মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

image 135
ভুৱা ন্যায়াধীশ অভিষেক আগৰৱালা

আইপিএছ বিষয়াজনৰ এনে কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে আবকাৰী বিভাগে ৰুজু কৰিছিল গোচৰ।

কিন্তু তাৰ পিছতে অভিষেক আগৰৱালা নামৰ এজন ব্যক্তিয়ে নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি পৰিচয় দি ডিজিপিলৈ ফোন কৰি আদিত্য কুমাৰৰ বিৰুদ্ধে থকা সকলো গোচৰ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

ভুৱা চিম কাৰ্ডেৰে অভিষেক আগৰৱালাই ডিজিপি এছ কে সিংহাললৈ ফোন কৰি গোচৰ বন্ধৰ বাবে হেঁচা প্ৰয়োগ কৰাত প্ৰথমে ডিজিপি থতমত খালেও পিছত সমগ্ৰ বিষয়টোক লৈ সন্দেহ হোৱাত অৰ্থনৈতিক অপৰাধ শাখাক অৱগত কৰে।

image 136
দুৰ্নীতিগ্ৰস্ত IPS আদিত্য কুমাৰৰ সৈতে অভিষেক আগৰৱালা

তাৰ পিছতে অৰ্থনৈতিক অপৰাধ শাখা (ইঅ’ইউ)য়ে অভিযান চলাই ভুৱা ন্যায়াধীশ অভিষেক আগৰৱালাৰ লগতে ৪ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ভুৱা ন্যায়াধীশ অভিষেকৰ পৰা ৯ খন ভুৱা চিম কাৰ্ডৰ লগতে ১২টা মোবাইল ফোন জব্দ কৰিছে। ইতিমধ্যে আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰো কৰিছে অভিযুক্তজনে।

প্ৰণিধানযোগ্য যে, এই সমগ্ৰ ঘটনাৰ আৰম্ভণি ঘটিছিল আইপিএছ আদিত্য কুমাৰ গয়াৰ এছএছপি হিচাপে কাৰ্যৰত হৈ থকাৰ পৰা। সেই সময়ত ফতেহপুৰৰ এছএইছঅ’ সঞ্জয় কুমাৰে এটা সুৰাৰ চালান জব্দ কৰিছিল।

কিন্তু সুৰা সৰবৰাহকাৰীৰ সৈতে থকা মিতিৰালিৰ বাবে সঞ্জয় কুমাৰে মুকলি কৰি দিছিল সুৰাৰ চালানটো। আনহাতে এই সমগ্ৰ কথা জানিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছিল এছএছপি আদিত্য কুমাৰ।

image 137
DGP এছ কে সিংহাল

কিন্তু পৰৱৰ্তী সময়ত ঘটনা পোহৰলৈ অহাত আন বহু অভিযোগ উত্থাপন হয় এছএছপি আদিত্য কুমাৰৰ বিৰুদ্ধে। ভূ-মাফিয়াৰ লগত তেওঁৰ সম্পৰ্কৰ বিষয়েও অভিযোগ উত্থাপন হয়।

এনে অভিযোগৰ মাজতে আবকাৰী বিভাগে আদিত্য কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। গোচৰ ৰুজু হোৱাৰ পিছত আইপিএছ বিষয়াগৰাকীয়ে অগ্ৰিম জামিন বিচাৰি আদালতত আবেদন কৰে যদিও উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰে।

তাৰ পিছতে অভিষেক আগৰৱালাই নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি পৰিচয় দি ডিজিপিলৈ ফোন কৰি বাৰাম্বাৰ গোচৰ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

অন্যহাতে বৰ্তমান আইপিএছ আদিত্য কুমাৰ পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পূৰ্বেও অভিষেক আগৰৱালাই নিজকে গৃহমন্ত্ৰী বুলি পৰিচয় দি ফোনত কেইবাগৰাকীও আইপিএছ বিষয়াক ফোন কৰি অনৈতিক কামৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। যাৰ বাবে তেওঁ তিহাৰ জে’লতো কাৰাবন্দী জীৱন পাৰ কৰিবলগীয়া হৈছিল।