নিঃস্বাৰ্থ সেৱাৰ প্ৰতিদান! তিনিমহলীয়া ঘৰ আৰু কোটি টকাৰ সম্পত্তি ৰিক্সাচালকক দান কৰিলে মহিলাই…

সম্পত্তিৰ লোভত আমাৰ সমাজত প্ৰতিদিনে সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা অমানৱীয় ঘটনা।

সম্পত্তিৰ লোভত পৰি আপোনজনেও আপোনজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে।

কিন্তু ইয়াৰ মাজতে ওড়িশাৰ কটকৰ এগৰাকী মহিলাই তেওঁৰ সকলো সম্পত্তি এগৰাকী ৰিক্সাচালকক দান কৰি সমাজত এক অনন্য উদাহৰণ দাঙি ধৰিছে।

২৫ টা বছৰ ধৰি কোনো স্বাৰ্থ জড়িত নথকাকৈ এগৰাকী ৰিক্সা চালক আৰু তেখেতৰ পত্নীয়ে সেৱা আগবঢ়াইছিল এগৰাকী বৃদ্ধাৰ।

৬৩ বৰ্ষীয় বৃদ্ধাৰ যেতিয়া স্বামীৰ মৃত্যুৰ পাছত একমাত্ৰ কন্যাৰো অকাল বিয়োগ ঘটে তেতিয়া সকলো পৰিয়ালৰ লোকে অকলে এৰি দিয়ে বৃদ্ধাক।

কিন্তু এই সকলোবোৰৰ মাজত এগৰাকী ৰিক্সা চালক সদায় কাষত থিয় দি থাকে বৃদ্ধাগৰাকীৰ।

যাৰ ফলত মিনতি পাটনায়ক নামৰ ৬৩ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ তিনিমহলীয়া ঘৰ, সোণৰ অলংকাৰ আৰু সকলো সা-সম্পত্তি ৰিক্সাচালক বুধা চামালক দান কৰিছে।

জানিব পৰা মতে, মিনতিয়ে যোৱা বছৰ তেওঁৰ স্বামীক হেৰুৱাইছিল। যদিও মিনতিয়ে তেওঁৰ জীৱনৰ বাকী কালচোৱা জীয়েকৰ সৈতে কটোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। স্বামীৰ মৃত্যুৰ ছয় মাহৰ পাছত মিনতিৰ কন্যা কোমলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

এই জটিল সন্ধিক্ষণত ৰিক্সাচালক বুধা চামালে মিনতিৰ কাষত থিয় দিছিল আৰু তেওঁক সকলো ধৰণে সহায় কৰিছিল।

বুধা আৰু তেওঁৰ পৰিয়ালে মিনতিক চিকিৎসালয়লৈ লৈ যোৱা বা তেওঁৰ আন সমস্যাবোৰ চোৱাচিতা কৰাৰ পৰা আদি কৰি সকলো ধৰণৰ সেৱা আগবঢ়াইছিল।

যাৰ ফলত মিনতি পাটনায়ক বুধা চামাল আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছিল। কৃতজ্ঞতাৰ চিন স্বৰূপে মিনতিয়ে তেওঁৰ সকলো সা-সম্পত্তি বুধা চামালৰ নামত কৰাৰ সিদ্ধান্ত লয়।

এই সন্দৰ্ভত তেওঁ কয়, ‘মই এটা অভাৱগ্ৰস্ত পৰিয়ালক সহায় কৰিব বিচাৰিছোঁ। মই বুধা আৰু তেওঁৰ পৰিয়ালক আইনীভাৱে সকলো দান কৰাৰ সিদ্ধান্ত ল’লো। মোৰ মৃত্যুৰ পাছত তেওঁলোকক যাতে কোনেও হাৰাশাস্তি নকৰে।মোৰ ভগ্নীসকলে মোৰ সম্পত্তি ৰিক্সাচালকক দান কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। মোৰ ছোৱালী কোমলৰ মৃত্যুৰ পাছত কোনেও মোক ফোন কৰা নাছিল বা মোৰ ফোনৰ সঁহাৰি দিয়া নাছিল। যোৱা ২৫ বছৰ ধৰি বুধা আৰু তেওঁৰ পৰিয়াল মোৰ কাষত নিজৰ মানুহৰ দৰে থিয় দিছে। বুধা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে মোক সদায় সন্মান জনাই আহিছে আৰু মোৰ যত্ন লৈছে, গতিকে মোৰ যি আছে সেয়া তেওঁলোকেহে পোৱাৰ যোগ্য।’

Leave a Comment