নাৰেংগীস্থিত আৰ্মী স্কুলৰ নাম লৈ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ধন…

নিউজ ডেস্কঃ এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা মহানগৰীৰ থলগিৰি নামৰ অসমীয়া খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী মনোৰম গগৈ। নাৰেংগীৰ আৰ্মী স্কুলৰ নামত কৌশলেৰে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি লৈ গ’ল দহ হাজাৰ টকা।

ইতিমধ্যে এই সমস্ত ঘটনা সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত এটা পোষ্ট কৰি জানিবলৈ দিছে সাংবাদিক মনোৰম গগৈয়ে। সমান্তৰালভাৱে ঘটনা অৱগত কৰি আৰক্ষীৰ ওচৰতো অভিযোগ দাখিল কৰিছে তেওঁ।

জ্যেষ্ঠ সাংবাদিকগৰকীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা ১১.৩০ বজাত +918576956601 নম্বৰৰ পৰা তেওঁলৈ এটা ফোন আহে। নাৰেংগীৰ আৰ্মী স্কুলৰ পৰা কোনো কাজলে কোৱা বুলি দাবী কৰি সাংবাদিকগৰাকীৰ ব্যৱসায়িক প্ৰতিষ্ঠান থলগিৰিৰ পৰা এসপ্তাহৰ বাবে পুৱা-গধূলি ২০ প্লেটকৈ নন-ভেজ থালি বিচাৰে।

এই সপ্তাহৰ খাদ্যৰ বিলখন আগতীয়াকৈ প্ৰেৰণ কৰিবলৈও অনুৰোধ জনায় ফোনৰ সিটো মূৰৰ পৰা।

photo1662212721
নাৰেংগীস্থিত আৰ্মী স্কুলৰ নাম লৈ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ধন… 3

গগৈয়ে ইয়াৰ পিছত খাদ্যৰ বিলখন প্ৰস্তুত কৰি উক্ত নম্বৰলৈ প্ৰেৰণ কৰে। সিফালৰ পৰা এঘণ্টাৰ ভিতৰত খাদ্যখিনি লৈ যাব বুলি কয়।

পৰৱৰ্তী সময়ত +919039389946 নম্বৰৰ পৰা পুনৰ সাংবাদিকগৰাকীলৈ ফোন কৰি নিজকে আৰ্মী স্কুলৰ একাউণ্টেণ্ট বুলি পৰিচয় দি বিল পৰিশোধৰ বাবে গগৈৰ বেংক একাউণ্টৰ তথ্য বিচাৰে।

কথামতেই মনোৰম গগৈয়ে তেওঁৰ বেংক একাউণ্টৰ ডিটেইলছ প্ৰেৰণ কৰাৰ পিছতে অতি কৌশলেৰে তেওঁৰ একাউণ্টত থকা ১০ হাজাৰ টকা সৰকাই নিয়ে চাইবাৰ অপৰাধীয়ে। ঘটনাৰ বিষয়ে জানিব পাৰি গগৈয়ে ফোনতে গালি পাৰিবলৈ আৰম্ভ কৰে যদিও ফোনৰ সংযোগ কাটি দিয়ে।

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে। বিভিন্ন ভুৱা পৰিচয়ৰে এনেদৰে বিভিন্ন জনৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে ধন হৰলুকি কৰাৰ ঘটনাই স্বাভাৱিকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।