নাৰী দিৱস! ঘোঁৰাৰ ওপৰত উঠি কংগ্ৰেছ বিধায়িকা আহিল বিধানসভালৈ, নাৰী সমাজক দিলে এই বাৰ্তা…

March 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সোমবাৰে বিশ্বজুৰি উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। সেই অনুসৰি ভাৰততো বিভিন্ন ঠাইত অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে আয়োজন কৰিছে নাৰী দিৱসৰ অনুষ্ঠান।

কিন্তু এই দিনটোত এগৰাকী জন প্ৰতিনিধিক দেখা গ’ল এক ব্যতিক্ৰম ৰূপত।

এই দিনটোক সৰোগত কৰি ঝাৰখণ্ডৰ এগৰাকী বিধায়িকা বিধানসভালৈ আহিল সেনা বিষয়াৰ পৰা উপহাৰ হিচাপে লাভ কৰা ঘোঁৰাৰ ওপৰত উঠি।

তেওঁ হল ঝাৰখণ্ডৰ ৰামগড় জিলাৰ বাৰ্কাগাওঁ বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়িকা আম্বা প্ৰসাদ।

তেওঁ এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে মহিলাই কেতিয়াও নিজক দুৰ্বল বুলি ভাবিব নালাগে। মহিলাসকলে নিজৰ প্ৰকৃত শক্তিক অনুভৱ কৰা উচিত। মহিলাসকলে জীৱনত যি সপােন দেখে, সেই সপােন পূৰণ কৰিবলৈ তেওঁলােকে প্ৰয়াস কৰিব লাগে।

এই ঘোঁৰাটো অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰাঠােৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে বিধায়িকাগৰাকীক উপহাৰ দিয়া বুলি তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে।

বিধায়িকা গৰাকী ঘোঁৰাৰ পিঠিত বিধানসভালৈ উঠি যোৱা দৃশ্য এতিয়া সৰ্বত্ৰে হৈ পৰিছে ভাইৰেল।

উল্লেখ্য যে বিগত বৰ্ষত বিহাৰৰ এগৰাকী বিধায়ক বিধানসভালৈ উঠি আহিছিল মহৰ পিঠিত। যিটো সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল।