নাৰীবিদ্বেষী মনোভাৱ! কাৰ বাবে চাহৰ ষ্টল বন্ধ কৰিবলৈ বাধ্য হৈছে ‘গ্ৰেজুৱেট চাইৱালী’ প্ৰিয়ংকাই…

নিউজ ডেস্কঃ চৰকাৰী চাকৰিৰ পিছত নদৌৰি চাহৰ দোকানৰে স্বাৱলম্বী হোৱাৰ চেষ্টা চলোৱা বিহাৰৰ অৰ্থনীতি বিজ্ঞানৰ স্নাতক প্ৰিয়ংকা গুপ্তাই এতিয়া বাধ্য হৈ পৰিছে ব্যৱসায় বন্ধ কৰিবলৈ।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত পাটনা মহিলা মহাবিদ্যালয়ৰ সমীপত প্ৰিয়ংকাই আৰম্ভ কৰিছিল তেওঁৰ সৰু চাহৰ ষ্টলখন।

ছ’চিয়েল মিডিয়াত ‘গ্ৰেজুৱেট চাইৱালী’ৰূপে পৰিচিত হৈ পৰা প্ৰিয়ংকাই কম দিনৰ ভিতৰতে লাভ কৰিছিল জনপ্ৰিয়তা।

image 110
নাৰীবিদ্বেষী মনোভাৱ! কাৰ বাবে চাহৰ ষ্টল বন্ধ কৰিবলৈ বাধ্য হৈছে 'গ্ৰেজুৱেট চাইৱালী’ প্ৰিয়ংকাই… 2

কিন্তু এতিয়া একাংশৰ নাৰীবিদ্বেষী মনোভাৱৰ বাবেই তেওঁ তেওঁৰ ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হৈ পৰা বুলি টুইটাৰত এক আবেগিক ভিডিঅ’ পোষ্ট কৰি মন্তব্য কৰে প্ৰিয়ংকাই।

ভিডিঅ’টোত গ্ৰেজুৱেট চাইৱালী প্ৰিয়ংকা গুপ্তাই অভিযোগ কৰা মতে, একাংশ লোকে তেওঁৰ চাহৰ ষ্টলখন বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। যাৰ বাবে তেওঁ মানসিকভাৱে ভাগি পৰিছে।

প্ৰিয়ংকাই কয়, “আপোনালোক সকলোৱে হয়তো মোক চিনি পাব- গ্ৰেজুৱেট চাইৱালী, তথাকথিত গ্ৰেজুৱেট চাইৱালী!”

তেওঁ লগতে কয়, “মই বিহাৰত বেলেগ কিবা এটা কৰাৰ কথা ভাবিছিলো আৰু তাৰ পিছত মানুহে সমৰ্থন কৰিছিল… কিন্তু এইখন বিহাৰত নাৰী আগবাঢ়ি যোৱাৰ কোনো অধিকাৰ নাই।”

ভিডিঅ’টোত প্ৰিয়ংকাই মহিলা উদ্যোগী আৰু আনৰ লগত কেনে ব্যৱহাৰ কৰা হয় তাৰ মাজত থকা চকুত পৰা বৈষম্যৰ বিষয়েও উল্লেখ কৰিছে।

তেওঁ কয়, ”ইয়াত মহিলাৰ মৰ্যাদা কেৱল পাকঘৰতে সীমাবদ্ধ, মহিলা সকলৰ আগবাঢ়ি যোৱাৰ কোনো অধিকাৰ নাই। পাটনাত অনেক ষ্টল স্থাপন কৰা হৈছে। পাটনাত অবৈধভাৱে সুৰা বিক্ৰীৰ দৰে অবৈধ কামো চলি আছে। কিন্তু সেইবোৰৰ বিৰুদ্ধে ব্যৱস্থাটো সক্ৰিয় নহয়। কিন্তু এগৰাকী মহিলাই যদি নিজৰ ব্যৱসায় নিজেই পৰিচালনা কৰি আছে, তেন্তে তেওঁক বাৰে বাৰে আমনি দিয়া হ’ব।”

প্ৰিয়ংকাই আক্ষেপেৰে কয়, “মোৰ ভাগ্য হ’ল পাকঘৰত আবদ্ধ হৈ হোৱা, মজিয়া ঝাড়ু দিয়া, বিয়া হৈ আনৰ ঘৰলৈ ওলাই যোৱা। সমাজৰ মতে মই ব্যৱসায় কৰাৰ কোনো অধিকাৰ নাই।’’

আনহাতে উপায়ুক্তৰ পৰা অনুমতি লৈ চাহৰ ষ্টল খোলাৰ পিছতো কিয় বাৰে বাৰে সেয়া বন্ধ কৰিবলৈ ভাবুকি দিয়া হৈছে, তাক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰিয়ংকাই।

বিহাৰ প্ৰশাসনৰ ওপৰত ক্ষোভ ব্যক্ত কৰি প্ৰিয়ংকাই পুনৰ কয়, “ধন্যবাদ নগৰ নিগম, ধন্যবাদ বিহাৰৰ ব্যৱস্থা। মোৰ ষ্টেটাছ দেখুৱাই দিলা। মহিলা হ’লে ঘৰতে থাকক, বাহিৰত একো কৰাৰ প্ৰয়োজন নাই! কাৰণ এইখন বিহাৰ।”