অসম

নাৰীবাদী লেখিকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু বৰকটকীৰ মৃত্যু…

নাৰীবাদী লেখিকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু বৰকটকীৰ মৃত্যু।

দেওবাৰে নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৰকটকীয়ে।

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ প্ৰাক্তন সভানেত্ৰী আছিল অঞ্জু বৰকটকী।

অসম চিকিৎসা মহাবিদ্যালয়লৈ বৰকটকীৰ মৰণোত্তৰ দেহ দান কৰা হয়।

অসমৰ নাৰী আন্দোলনৰ অগ্ৰণী নেত্ৰী, বিপ্লৱী গণতান্ত্ৰিক আন্দোলনৰ দৃঢ় কৰ্মী আছিল বৰকটকী।

লগতে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ জন্ম দাত্ৰী, প্ৰাক্তন সভানেত্ৰী, সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ প্ৰাক্তন নেত্ৰী, জোনাকী বাট আলোচনীৰ প্ৰকাশক, সম্পাদিকা, মহিলা আয়োগৰ প্ৰাক্তন সদস্য, সাংস্কৃতিক কৰ্মী, বুদ্ধিজীৱী, লেখিকা আছিল প্ৰয়াত অঞ্জু বৰকটকী।

Related Articles

Back to top button