নামী-দামী ব্ৰেণ্ডৰ নকল প্ৰসাধন সামগ্ৰী জব্দ আৰক্ষীৰ, গ্ৰেপ্তাৰ ৩ দােকানী

নিউজ ডেস্ক। আপুনি লেকমিৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে যদি এতিয়াৰ পৰা সাৱধান হওক! কাৰণ এতিয়া বজাৰত ওলাইছে লেকমিৰ নকল সামগ্ৰী।
ৰাজ্যৰ পিছপৰা দুৰ্গম অঞ্চলৰ উপৰি প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলতাে একাংশ অসাধু ব্যৱসায়ীয়ে এনে নকল সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকক ৰামঠগন দি আহিছে।
ইপিনে, অৰুণাচল প্ৰদেশৰ জিৰো আৰক্ষীয়ে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড কােম্পানীৰ নকল লেকমি প্ৰসাধন সামগ্ৰী বিক্ৰী কৰাৰ অপৰাধত তিনিজন দোকানীক গ্ৰেপ্তাৰ কৰিছে।
জিৰো আৰক্ষীয়ে নামনি সোৱনশিৰী জিলাৰ হাপোলি বজাৰৰ তিনিখন দোকানত অভিযান চলাই প্ৰায় ২ লাখ টকাৰ ভুৱা লেকমি সামগ্ৰীও জব্দ কৰে।

এই নকল সামগ্ৰী বিক্ৰী কৰা দোকান কেইখন হৈছে ফ্ৰেণ্ডছ কচমেটিকছ, কে কে বেগচ এণ্ড কচমেটিকছ, আৰু শ্ব’পি গিফ্ট শ্বপ।
উল্লেখ্য মেচাৰ্ছ হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ হৈ নয়নতৰা ডেমীয়ে জিৰো আৰক্ষী থানাত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা হৈছিল।
তেওঁ উল্লেখ কৰিছিল যে কিছুমান দোকানে লেকমিৰ ব্ৰেণ্ডৰ নাম ব্যৱহাৰ কৰি খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীৰ জড়িয়তে বহুদিনৰ পৰা এই ব্যৱসায় চলাই আহিছিল।

সেই অনুসৰি, ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত অভিযোগকাৰীক লগত লৈ আৰক্ষীয়ে সন্দেহজনক দোকানসমূহত তালাচী চলায়।
অভিযানৰ সময়ত অভিযুক্ত দোকানী আৰু স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত দোকান কেইখনৰ পৰা পৰা ২ লাখ তকৈও অধিক মূল্যৰ লেকমিৰ কেইবাবিধো নকল প্ৰসাধন সামগ্ৰী জব্দ কৰা হয়।
ইতিমধ্যে অভিযুক্ত দোকানী কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক অনুসন্ধানৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
জিৰোৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক তাচি দৰঙে কয়- “এই ভুৱা সামগ্ৰীবোৰ মুকলিকৈ বজাৰত বিক্ৰী কৰা হয়, যাৰ ফলত গ্ৰাহকসকলে ব্ৰেণ্ডেড সামগ্ৰীৰ নামত যথেষ্ট মূল্য পৰিশোধ কৰিবলৈ বাধ্য হয়। এনে সামগ্ৰীয়ে কেৱল বিত্তীয় নহয় , গ্ৰাহকসকলৰ বাবে স্বাস্থ্য আৰু সুৰক্ষাৰো গুৰুতৰ বিপদাশংকা সৃষ্টি কৰে কিয়নো এই সামগ্ৰীবোৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত । ”
তেওঁ লগতে জনাই যে , দোকানীসকলে এই বিষয়ে ভালদৰে অৱগত থকা স্বত্বেও নকল সামগ্ৰী বিক্ৰী কৰে।
লগতে চাওকঃ
আজব ঘটনা! মদ খাবলৈ ১ ঘণ্টাতকৈও অধিক সময় যাত্ৰীবাহী ৰে’ল ৰখাই থলে চালকে, লাগিল হাহাকাৰ…
