fbpx
অসম

নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক ৬ বছৰৰ কাৰাদণ্ড লগতে ১০ হাজাৰ টকাৰ জৰিমনা

নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক ৬ বছৰৰ কাৰাদণ্ড লগতে ১০ হাজাৰ টকাৰ জৰিমনা।

চিৰাং জিলাৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত এই ৰায়দান প্ৰদান কৰে।

চিৰাঙৰ বিজনীত নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত শিক্ষক সঞ্জীৱ কুমাৰ ৰয়ক ৬ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে ন্যায়ালয়ে।

লগতে ১০ হেজাৰ টকাৰ জৰিমনাও বিহে শিক্ষকগৰাকীক । লগতে জৰিমনা আদায় নিদিলে কাৰাবাস অতিৰক্ত ৬ মাহলৈ বৃদ্ধি কৰিব বুলিও জানিব দিয়ে ন্যায়ালয়ে।

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশ ইউছুফ আজাজে এই ৰায় প্ৰদান কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বিগত ফেব্ৰুৱাৰী মাহত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক সঞ্জীৱ কুমাৰ ৰয়ৰ বিৰুদ্ধে নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

ছাত্ৰী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বিজনীৰ আৰক্ষীয়ে সঞ্জীৱ কুমাৰ ৰয়ক গ্ৰেপ্তাৰ কৰি ২৩/২০২২ নং গোচৰ ৰুজু কৰিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!