
নিউজ ডেস্কঃ মৃত্যু চিৰসত্য! কিন্তু তথাপিও এনে মৃত্যু সঁচাই বৰ বেদনাদায়ক। সকলোৱে কামনা কৰিছিল ছোৱালীজনী সুস্থ হৈ ঘৰলৈ উভতি আহক, আকৌ আগৰ দৰেই নাচি বাগি ফুৰক।
চিকিৎসাৰ বাবে লাখ লাখ টকা ব্যয় কৰিছিল পৰিয়াল আৰু সুহৃদয়বান অনেক জনে। কিন্তু তাৰ পিছতো সুস্থ হৈ নুঠিল তেওঁ। অতি কম বয়সতে মৃত্যুক আঁকোৱালি লৈ গুচি গ’ল প্ৰতিভাসম্পন্ন ছোৱালীজনী। যাৰ দুখে আজি ম্ৰিয়মান কৰি তুলিছে অসমৰ সাংস্কৃতিক জগতখনক।

মহানগৰীৰ পূব গীতানগৰৰ বাসিন্দা চন্দনা দেৱী। সৰুৰে পৰাই নৃত্য আৰু অভিনয় কৰি ভালপোৱা চন্দনাই বিচাৰিছিল সাংস্কৃতিক জগতখনৰ জৰিয়তেই জীৱনৰ চন্দ ৰচিবলৈ।
বহু কেইটা মিউজিক ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰি লাহে লাহে অসমীয়াৰ মাজত পৰিচিতও হৈ পৰিছিল চন্দনা দেৱী। হিয়া উজাৰি অভিনয় আৰু নৃত্যক ভাল পাইছিল প্ৰতিভাৱান ছোৱালীজনীয়ে।
কিন্তু হঠাৎ যেন কাল ধুমুহা নামি আহিল চন্দনাৰ জীৱনলৈ। নাচি বাগি ফুৰা ছোৱালীজনী বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হ’বলগীয়া হ’ল। এয়া- যোৱা বছৰৰ ডিচেম্বৰৰ ঘটনা।

চন্দনাৰ পিতৃও শয্যাগত। কিন্তু মাতৃয়ে নিজৰ কন্যাক সুস্থ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। মনোৱল হেৰুওৱা নাছিল চন্দনাইও। মহানগৰীৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা আৰম্ভ হ’ল চন্দনাৰ। লাখ লাখ টকা পানীৰ দৰে বোৱালে পৰিয়ালে।
চন্দনাৰ চিকিৎসাৰ নামত এসময়ত আৰ্থিক সমস্যাত ভুগি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সুহৃদয়বান লোকৰ পৰা সহাও বিচাৰিবলগীয়া হৈছিল চন্দনা আৰু তেওঁৰ পৰিয়ালে। সহায় কৰিছিলো বহুজনে। সকলোৱে বিচাৰিছিল- সোনকালে সুস্থ হওক ছোৱালীজনী।

কিন্তু সুস্থ নহ’ল চন্দনা! দুয়োটা বৃক্ক বিকল হৈ পৰা চন্দনাই অৱশেষত মৃত্যুৰ ওচৰত পৰাজয় স্বীকাৰ কৰি ল’লে। বুধবাৰে পুৱা হাস্পতালৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে অসমৰ এগৰাকী প্ৰতিভাসম্পন্ন নৃত্যশিল্পীয়ে।
চন্দনাৰ বিয়োগে মৰ্মাহত কৰিছে তেওঁৰ পৰিয়াল তথা অসংখ্য গুণমুগ্ধক। অসমৰ সাংস্কৃতিক জগতখনেও আজি চন্দনাক হেৰুৱাই উচুপি উঠিছে।