নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অপ্ৰাসংগিকঃ বিদ্যা সাগৰ…

কৃষকৰ প্ৰতিবাদত সেও মানি অৱশেষত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ’ল বিতৰ্কিত ৩ কৃষি আইন।

ইয়াৰ পাছতে যেন অসম তথা উত্তৰ পূৰ্বাঞ্চলত পুনৰ উক-মুকনি উঠিছে কা বিৰোধী আন্দোলনে।

এই সন্দৰ্ভত কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰবনৰ নৱ নিযুক্ত অধ্যক্ষ বিদ্যা সাগৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয়- নাগৰিকত্ব সংশোধনী আইন এতিয়া আৰু প্ৰাসংগিক নহয়। শিল্পী বা কলা-কুশলীৰো আৱেগ অনুভূতি আছে বাবে ‘কা’ আন্দোলনত জঁপিয়াই পৰিছিল। কিন্তু ‘কা’ আন্দোলনৰ নেতৃত্ব শিল্পীসকলে দিয়া নাছিল। ‘কা’ আন্দোলন অপ্ৰাসংগিক।

বাইহাটা চাৰিআলিৰ পানীটেমা ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ নিশা গীত পৰিৱেশনৰ আগমুহুৰ্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে বিদ্যাসাগৰে।

যি সকলে ‘কা’ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সেই সকলে ‘কা’ আন্দোলনক কি কৰিলে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰাৰ কথাও উল্লেখ কৰে বিদ্যাসাগৰে।

আনহাতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পদত নিযুক্তি দিয়াত নিষ্ঠা সহকাৰে কাম কৰি যোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

Leave a Comment