নাগৰিকত্ব সংশোধনী আইন বলৱৎ হ’লে আগৰ পৰিস্থিতি ঘূৰি আহিবঃ শংকৰজ্যোতি বৰুৱা

পুনৰ নাগৰিকত্ব সংশোধনী আইন প্ৰসংগক লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বৃহস্পতিবাৰে পশ্চিমবংগত CAA বলৱৎ কৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন।

অমিত শ্বাহে এখন ৰাজহুৱা সভাত ক’ভিড শেষ হ’লেই সমগ্ৰ দেশতে CAA বলৱৎ হ’ব বুলি স্পষ্ট কৰি দিছিল।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্ভাদক শংকৰজ্যোতি বৰুৱাই।

তেওঁ কয়- নাগৰিকত্ব সংশোধনী আইন বলৱৎ হ’লে আগৰ পৰিস্থিতি ঘূৰি আহিব। কোনো কাৰণত অসমত অবৈধ বিদেশীক স্থান দিয়া নহ’ব। ছাত্ৰ সন্থাৰ গাঁৱে-ভূঞে, চহৰে-নগৰে গৈ ৰাইজক সজাগ কৰি পুনৰ ‘কা’ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিম।

লগতে ছাত্ৰ নেতা গৰাকীয়ে অসমক ‘কা’ৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ আহ্বান জনাই, অন্যথা অসমৰ পুনৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি হংকাৰ দিয়ে।

তেওঁ কয় যে, ভাৰতত কা আন্দোলনৰ পৰিৱেশ আৰু অসমৰ কা আন্দোলনৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। অমসত কোনো কাৰণতে প্ৰযোজ্য হ’বলৈ দিয়া নহ’ব ‘কা’

Leave a Comment