নাগৰিকত্বৰ প্ৰকৃত তথ্য লুকুৱাই পাকিস্তানী মহিলা হ’ল পঞ্চায়তৰ সভানেত্ৰী! তদন্ত ঘােষণা

নাগৰিকত্বৰ প্ৰকৃত তথ্য লুকুৱাই পাকিস্তানী মহিলা হ’ল পঞ্চায়তৰ সভানেত্ৰী! তদন্ত ঘােষণা

December 31, 2020 0 By NEWS DESK

নিউজ ডেস্ক। এক অদ্ভুত ঘটনা। পাকিস্তানী মহিলা হ’ল দেশৰ পঞ্চায়ত প্ৰতিনিধি। আনকি ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিলে পাকিস্তানৰ নাগৰিক এই মহিলাগৰাকীয়ে। কিন্তু কেনেকৈ বিদেশী নাগৰিক হ’বলৈ পালে প্ৰতিনিধি? এই প্ৰশ্নই এতিয়া উত্থাপন কৰিছে সকলোৱে।

ঘটনা অনুসৰি, উত্তৰ প্ৰদেশৰ এটাহ জিলাৰ গুদাহু গাৱঁৰ বানু বেগম নামৰ এগৰাকী ৬৫ বছৰীয়া মহিলাই ২০১৫ ত গাওঁ পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি গাওঁ পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু পৰবৰ্তী সময়ত গাঁৱৰ মুখিয়াল জনৰ মৃত্যু হোৱা বাবে, গাৱঁৰ সচিব জনে বানুক গাৱঁৰ প্ৰধান হিচাপে নিযুক্তি দিবলৈ বিচাৰিছিল। আনকি ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপেও কিছুদিন দায়িত্ব গ্ৰহণ কৰিছিল বানু বেগমে।

তেতিয়াই গাৱঁৰ এজন বাসিন্দাই এই সিদ্ধান্তৰ বিৰোধিতা কৰি জিলা প্ৰশাসনক এক অভিযোগ কৰি কয় যে বানু ভাৰতীয় নাগৰিক নহয় আৰু গাৱঁৰ মুখিয়াল পদৰ বাবে যিখিনি প্ৰক্ৰিয়াৰ প্ৰয়োজন সেইখিনি হোৱা নাই।

ইয়াৰ পিছতেই জিলা প্ৰশাসনে এক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু আৰক্ষীক এখন এজাহাৰ দিয়ে। প্ৰশাসনে বানুৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বাবে বানুৱে যোৱা সপ্তাহত নিজৰ পদৰ পৰা পদত্যাগ কৰে।

জিলা অতিৰিক্ত দণ্ডাধিকাৰী কেশৱ কুমাৰে এই সন্দৰ্ভত কয়, ‘বানুৱে দীৰ্ঘ সময় ধৰি প্ৰায় ৪০ বছৰ কাল ভিছা সহায়ত ভাৰতত বাস কৰিছিল আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিছিল, তেতিয়া তেওঁ প্ৰকৃত তথ্য লুকুৱাই দেশৰ নাগৰিক বুলি পৰিচয় দিছিল। তেওঁৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছে।’

ইয়াৰোপৰি গাৱঁৰ সচিবজনে কেনেকৈ বানুক গাৱঁৰ প্ৰধান হিচাপে নিযুক্তি দিব বিচাৰিছিল তাৰ বিৰুদ্ধেও তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জনায় চক্ৰ বিষয়া ৰাম নিবাস সিঙে। লগতে বানুৱে কেনেকৈ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লাভ কৰিলে সেইয়াও তদন্ত কৰা হ’ব।

জিলা প্ৰশাসনৰ মতে, বানু ১৯৮০ চনতে ভাৰতলৈ আহে আৰু গুদাহো গাৱঁৰ আখটাৰ আলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ পিছত বানু পাকিস্তানলৈ ঘূৰি নাযায়। তেওঁ ভিছা লৈয়েই ভাৰতত থাকে দীৰ্ঘ সময়। কিন্তু তেওঁ এই পৰ্যন্ত ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই।