fbpx
অসমীয়াঅসম

নাগাৰা নাম, উজনি-নামনি আৰু বিতৰ্ক! কৰিশ্মাৰ কৰিশ্মা আৰু কিমান দিন?

নিউজ ডেস্কঃ দৰঙীয়া ছোৱালীজনী! বয়সো কম। প্ৰথমে চৰ্চিত হৈছিল অসমীয়া লোককৃষ্টিক ধৰি ৰখাৰ প্ৰয়াসৰ বাবে। তাৰ পিছত আৰম্ভ হ’ল বিতৰ্ক।

বিতৰ্ক আৰু চৰ্চাৰ মাজতে এতিয়া জনপ্ৰিয় হৈ পৰিছে ছোৱালীজনী। টিআৰপি আৰু ভিউজবলীয়া একাংশ সংবাদ মাধ্যমৰ আলহী হৈছিল ছোৱালীজনী।

এতিয়া হেনো আহৰি নাই। নামনিৰ পৰা উজনিলৈ- অসমৰ প্ৰতিটো চুকে-কোণে প্ৰতিনিশাই তেওঁৰ অনুষ্ঠান। ভিৰ কৰিছে দৰ্শকেও।

কোনোবাই যদি কাষত ঠিয় হৈ চেল্ফি উঠিছে, হঠাৎ আৱিৰ্ভাৱ ঘটা কোনো এজনে আকৌ লিখি উলিয়াইছে কবিতা।

image 18

ছোৱালীজনীৰ নাম কৰিশ্মা নাথ। ইনষ্টাগ্ৰামৰ অৰ্ধবসনাৰ ৰীল ভিডিঅ’ৰ মাজত মেখেলা চাদৰ পিন্ধি নাগাৰা নাম পৰিৱেশন কৰি ভাইৰেল হৈ পৰিছিল কৰিশ্মা।

ধুনীয়া ছোৱালীজনীক একেমুখে প্ৰশংসা কৰিছিল সকলোৱে- সঁচাই, এয়াহে অসমীয়া ছোৱালী…।

ছ’চিয়েল মিডিয়াত ভাইৰেল মানে সংবাদ মাধ্যমৰো বাতৰি। ফেচবুকৰ চৰ্চাৰ পৰা চিধাই সংবাদ মাধ্যমৰ ষ্টুডিঅ’ৰ মজিয়া পাইছিল কৰিশ্মা।

‘অ বনীহাঁত, বিয়াত বেণ্ডপাৰ্টী মাতা নাই নেকি এ…’ৰে কৰিশ্মাই ৰজনজনাই তুলিছিল ষ্টুডিঅ’। সুৰ দিছিল- ‘পে পে পে পে’…।

কিন্তু তাতেই লাগিল কেৰোণ। কৰিশ্মাৰ নাগাৰ নাম পৰিৱেশনত জাঙুৰ খাই উঠিল সদৌ অসম নাগাৰ নাম সংঘৰ দৰে প্ৰতিষ্ঠান।

লোককৃষ্টি নাগাৰা নামক বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি ইখনৰ পিছত সিখন সংবাদমেলত সৰৱ হৈ উঠিল ৰামচৰণ ভৰালীৰ দৰে প্ৰবীন নাগাৰা নাম শিল্পীও।

কিন্তু তথাপিও নিজৰ স্থিতিত অটল থাকিল কৰিশ্মা। কণমানি ছোৱালীজনীয়ে উভতি ধৰিলে- ‘মই যদি নাগাৰা নাম বিকৃত কৰিছো, তেন্তে পূৰ্বে নাগাৰা নামত হিন্দী-অসমীয়া আধুনিক গীতৰ সুৰ সংযোজন কৰা শিল্পীসকলে কি কৰিছিল?’

এনে বিতৰ্কৰ মাজতে কেইবাটাও ভাগত বিভক্ত হ’ল সামাজিক মাধ্যম। একাংশ যদি কৰিশ্মাৰ পক্ষত, আন একাংশ আকৌ সংঘৰ পক্ষত।

image 19

আৰম্ভ হ’ল উজনি-নামনিৰ বিতৰ্কও। কাৰ নাগাৰা নাম প্ৰকৃততে শুদ্ধ সেয়া প্ৰমাণ কৰাত নামি পৰিল দুটা ফৈদ।

কিন্তু এই সকলোবোৰৰ মাজতে জনপ্ৰিয়তা হ্ৰাস নহ’ল কৰিশ্মাৰ। বৰং সকলো চৰ্চা আৰু বিতৰ্কই যেন লাভাৱাম্বিতহে কৰিলে তেওঁক।

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাগাৰা নাম পৰিৱেশনৰ আমন্ত্ৰণ লাভ কৰিলে কৰিশ্মাই। সামাজিক মাধ্যমৰ চৰ্চিত ছোৱালীজনীক কাষৰ পৰা চাবলৈ ভিৰ কৰিলে কাহানিও নাগাৰা নাম শুনি নোপোৱা সকলেও।

কৰিশ্মাই দেখুৱালে কৰিশ্মা। কিন্তু কিমান দিনলৈ?

চৰ্চা আৰু বিতৰ্কৰ মাজতে এই প্ৰশ্নও উত্থাপন হৈছে মুষ্টিমেয় একাংশৰ মনত।

কিছুৱে কৈছে- কেৱল ভাইৰেল হ’বৰ বাবেই নাগাৰা নামত ‘পে পে পে পে’ৰ দৰে সংযোজন কেতিয়াও উচিত নহয়।

যদি নাগাৰা নাম এক লোককৃষ্টি হয়, তেন্তে ইয়াৰ নিজস্ব সুৰ আৰু উপস্থাপন শৈলীও আছে। আৰু সেই শৈলী পাৰ কৰি নাগাৰা নাম পৰিৱেশন কৰি দুদিন জনপ্ৰিয় হ’লেও সদায় সেয়া অক্ষুণ্ণ ৰখা অসম্ভৱ।

বহুতে পৰামৰ্শও দিছে কৰিশ্মাক- বয়স কম। অসমীয়া লোককৃষ্টিক যদি সঁচাকৈয়ে আগুৱাই নিব বিচাৰা তেন্তে তাৰ মূল শিপাডাল ধৰি ৰাখিব পাৰিব লাগিব।

image 20

বিহু আৰু বিহুসুৰীয়া গীত যেনেকৈ পৃথক, তেনেকৈ নাগাৰা নামতো নাগাৰা নাম আৰু নাগাৰা নামসুৰীয়া গীত নামৰ দুটা ভাগ সৃষ্টি কৰা উচিত বুলিও মন্তব্য কৰিছে একাংশই।

কথাষাৰ অৱশ্যেই ভুল নহয়। বিহু যিদৰে পৰম্পৰাগত গীত আৰু বিহু সুৰীয়া যিদৰে কাৰোবাৰ সৃষ্টি কৰা ‘বিহু গীত’ৰ দৰেই গীত, সেইদৰে কৰিশ্মা বা আন নাগাৰা নামৰ শিল্পীয়ে ‘পে পে পে পে’ বা তেনে আধুনিক সংযোজন ঘটোৱা নামবোৰ ‘নাগাৰা নামসুৰীয়া গীত’ বুলিলেহে বেছি গ্ৰহণযোগ্য হ’ব।

কৰিশ্মাৰ প্ৰতিভা আছে। কিন্তু জনপ্ৰিয়তা লাভৰ গপত গংগাটোপ হৈ থাকিলে এদিন আকাশৰ পৰা সৰি পৰিবলৈও বেচি দিন নিশ্চয় নালাগিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!