নাগালেণ্ড বিধানসভা নিৰ্বাচনত এইবাৰ অন্য এক ইতিহাস! প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হ’ল দুগৰাকীকৈ মহিলা…

নিউজ ডেস্কঃ নাগালেণ্ড বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ বিধানসভালৈ নিৰ্বাচিত হ’ল দুগৰাকীকৈ মহিলা প্ৰাৰ্থী।

বৃহস্পতিবাৰে সাব্যস্ত হোৱা ৬০ জনীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনাত শাসকীয় এনডিপিপিৰ প্ৰাৰ্থীৰূপে ডিমাপুৰ তৃতীয়ৰ পৰা জয়লাভ কৰে বিশিষ্ট সমাজকৰ্মী-অধিবক্তা হেকানী জাখালুৱে।

আনহাতে পশ্চিম আংগামী সমষ্টিৰ পৰা শাসকীয় দলৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিবলৈ সক্ষম হয় চলহুতুনু ক্ৰুছে নামৰ আনগৰাকী মহিলা প্ৰাৰ্থী।

উল্লেখ্য যে, এই নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰা ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছিল মাত্ৰ ৪ গৰাকী মহিলা। হেকানী জাখালুৱে এলজেপিৰ প্ৰাৰ্থী আজেটা জিমোমীক পৰাস্ত কৰি জয়লাভ কৰে।

আমেৰিকাত অধিবক্তাৰ শিক্ষা গ্ৰহণ কৰা জাখালুৱে তেওঁৰ জয়ত উল্লাস ব্যক্ত কৰি কয়, ”মই যথেষ্ট সুখী অনুভৱ কৰিছো। মোক বিশ্বাস কৰাৰ বাবে ৰাইজৰ ওচৰত মই কৃতজ্ঞ।’’

তেওঁ লগতে কয়, “মানুহে পৰিৱৰ্তন বিচৰাৰ বাবেই মই জয়ী হৈছো। যোৱা ১৭ বছৰতকৈও অধিক সময় ধৰি মই সমাজ সেৱাত জড়িত হৈ আছো। সকলো সময়তে মই যুৱক-যুৱতীসকলৰ সৈতে কাম কৰিছো।’

তেওঁ আৰু উল্লেখ কৰে যে তেওঁৰ অগ্ৰাধিকাৰ হ’ব যুৱক-যুৱতীসকলৰ লগতে মহিলাসকলৰ সৈতে তেওঁলোকৰ সবলীকৰণৰ বাবে কাম কৰি যোৱা আৰু তৃতীয় ডিমাপুৰক আধুনিক সমষ্টি হিচাপে গঢ়ি তোলা।