fbpx
অসম

নাগালেণ্ড নিৰ্বাচন! বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল বিজেপি প্ৰাৰ্থী কাজেটো কিনিমী…

নাগালেণ্ডত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ১৭ দিন পূৰ্বেই ৰাজ্যখনে লাভ কৰিলে প্ৰথম গৰাকী বিধায়ক।

বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ’ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কাজেটো কিমিনী।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ এন খেকাশে চুমীয়ে সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰা পিছতেই ভাৰতীয় জনতা পাৰ্টিৰ কাজেটো কিনিমী ৩১ নং আকুলুটো সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হয়।

ইয়াৰ লগে লগে চতুৰ্দশ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰাৰ্থী হিচাপে পৰিগণিত হয় কাজেটো কিনিমী।

উল্লেখযোগ্য যে কাজেটো কিনিমি বিগত ত্ৰয়োদশ নাগালেণ্ড বিধানসভা নাগালেণ্ড চৰকাৰৰ উপদেষ্টা আছিলষ

উল্লেখ্য যে, ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নাগালেণ্ড বিধান সভা নিৰ্বাচন।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!