নাগালেণ্ডৰ মন জিলাৰ ঘটনাক লৈ অমিত শ্বাহৰ প্ৰতিক্ৰিয়া, তদন্ত কৰিব উচ্চস্তৰীয় SITয়ে…

নাগালেণ্ডৰ মন জিলাত সংঘটিত হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

টুইটাৰযোগে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে গৃহমন্ত্ৰী গৰাকীয়ে।

টুইটাৰত ঘটনা সন্দৰ্ভত পুংখানুপুংখভাৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পৰা বুজ লোৱা বুলি সদৰি কৰে অমিত শ্বাহে।

ইফালে এই ঘটনাক লৈ নাগালেণ্ড মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই টুইটযোগে দুখ প্ৰকাশ কৰে আৰু এই ঘটনাক নিন্দনীয় আখ্যা দিয়ে।

তেওঁ লগতে সদৰি কৰে যে, উচ্চস্তৰীয় SITয়ে ঘটনাৰ তদন্ত কৰিব।

উল্লেখ্য যে, মন জিলাত আৰক্ষীৰ নিৰ্বিচাৰ গুলীত ১৪গৰাকীকৈ লোক নিহত হোৱাৰ লগতে উত্তেজিত ৰাইজৰ আক্ৰমণত ১গৰাকী সেনা জোৱানো নিহত হৈছে।

সংঘৰ্ষত ৬গৰাকী সেনা জোৱান আহত হয়।

স্থানীয় ৰাইজে অভিযোগ, সেনাৰ গুলীত নিহত হোৱা কেইবাজনো লোক এতিয়াও সন্ধানহীন।

Leave a Comment