নাগালেণ্ড

নাগালেণ্ডৰ মন জিলাত ১৪৪ ধাৰা জাৰি, জিলাখনত সাময়িকভাৱে স্থগিত সেনাৰ সঞ্চালন…

শনিবাৰে নাগালেণ্ডত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতেই নাগালেণ্ডৰ মন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

জিলাখনত সাময়িকভাৱে স্থগিত সেনাৰ সঞ্চালন।

আনহাতে সোমবাৰে নাগালেণ্ডত ১২ ঘণ্টীয়া বন্ধ ঘোষণা টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ।

ইফালে নাগালেণ্ডৰ নিৰীহ হত্যাৰ তদন্তৰ বাবে নাগালেণ্ড আৰক্ষীৰ বিভিন্ন শাখাৰ বিষয়াক লৈ ইতিমধ্যে গঠন কৰা হৈছে SIT।

IGP এল জামিৰ, CIDৰ DIG ৰ’পা এম বিশেষ তদন্ত সমিতিত আৰক্ষীৰ অপৰাধ শাখাৰ SP মনোজ কুমাৰ, NPS, SP কিলেং ৱালিং, ৰিলো ৱায়ে 15 NAP IR। আইন-শৃংখলাৰ ADGP সন্দীপ এম টামগাড়েৰ তত্ত্বাৱধানত পৰ্যবেক্ষণ কৰা হ’ব এই তদন্ত।

এই সন্দৰ্ভত তৎকালীনভাৱে তদন্ত সমিতিক ঘটনাস্থলী পৰিদৰ্শন, তথ্য-প্ৰমাণ সংগ্ৰহৰ নিৰ্দেশ প্ৰদান কৰি এমাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে নাগালেণ্ড চৰকাৰে। 

নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীৰ দ্বাৰা নিৰীহ লোকৰ হত্যাৰ ঘটনাক ক’লা দিন হিচাপে অভিহিত কৰিছে ৰাজ্যখনৰ বিদ্ৰোহী সংগঠন এনএছচিএনে(আইএম)।

মন জিলাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন ঘোষণা কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হয়।

Leave a Reply

Your email address will not be published.

Back to top button