নাগালেণ্ডৰ গণহত্যাঃ ৩০ গৰাকীৰ সেনাৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বিট দাখিল বিশেষ তদন্তকাৰী দলৰ…

নাগালেণ্ডৰ মন জিলাত ২০২১ চনৰ ৪ ডিচেম্বৰত উগ্ৰপন্থীৰ অজুহাতত গাঁওবাসীৰ ওপৰত সেনাৰ গুলীচালনা সন্দৰ্ভত ৰাজ্যিক আৰক্ষীয়ে চাৰ্জশ্বীত দাখিল কৰিছে।

নাগালেণ্ডৰ ম’ন জিলাৰ অটিঙত সেনাৰ ২১ নং পেৰা কমাণ্ডোৰ স্পেচিয়েল ফৰ্ছে ১৪ গৰাকীকৈ নিৰীহ গঞাৰ ওপৰত গুলীচালনা কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত ৩০ সেনা জোৱানৰ বিৰুদ্ধে নাগালেণ্ড চৰকাৰৰ বিশেষ তদন্তকাৰী দলে আদালত চাৰ্জশ্বিট দাখিল কৰিছে।

শনিবাৰে ডিমাপুৰৰ ছুমুকেডিমাত সংবাদ মাধ্যমৰ আগত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰি কয় যে, অটিঙৰ সেনাৰ ভয়ংকৰ এম্বুশত জৰিত থকা এজন মেজৰ পৰ্যায়ৰ বিষয়াসহ ২৯ জন জোৱানৰ বিৰুদ্ধে এছ আই টি দলে চলাই থকা তদন্ত সম্পূৰ্ণ কৰিছে আৰু মন জিলা সত্ৰ ন্যায়ধীশৰ আদালতত সেনা দলটোৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে।

চাৰ্জশ্বিটত এগৰাকী মেজৰ, দুগৰাকী ছুবেদাৰ, আঠ গৰাকী হবলডাৰ, চাৰি গৰাকী নায়ক আৰু ছয় গৰাকী লেন্সনায়কসহ আৰু নগৰাকী পেৰা ট্ৰপাৰৰ নাম উল্লেখ কৰা হৈছে।

এই ভয়ংকৰ এম্বুশৰ সৈতে জৰিত থকা সেনা দলটোৰ ছাৰ্জশ্বিটত নাম উল্লেখ কৰা দোষী জোৱানৰ বিৰুদ্ধ কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় এছ আই টিয়ে।

নাগালেণ্ড চৰকাৰে অভিযুক্ত সেনা বিষয়া আৰু জোৱানসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কেন্দ্ৰৰ পৰা অনুমতি বিচাৰিছে। নাগালেণ্ড ৰাজ্যিক আৰক্ষীয়েও অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল।

ইফালে অটিঙ ঘটনাৰ সন্দৰ্ভত সেনাৰ ফালৰ পৰা এজন সেনা জেনেৰেল তত্ত্বাৱধানত কৰ্ট অৱ ইনকুৱেৰিৰ তদন্ত চলাই থকা হৈছে।

উল্লেখ্য যে ২০২১ চনৰ ৪ ডিচেম্বৰ বিয়লি ৪:৩০ বজাত আপাৰ টিৰু পাহাৰৰ পৰা কয়লা খনন কৰি অটিঙ বস্তিলৈ বগা ৰঙৰ বলেৰ’ পিক আপ ভানেৰে উভতি গৈ থকাৰ পথত লংখা নামৰ ঠাইত যোৰহাটৰ পৰা যোৱা সেনাৰ নং ২১ পেৰা কমাণ্ডোৰ এটা দলে চোৰাংচোৱা গোপন খবৰ ভিত্তিত এন এছ চি এন কে ৱাই আৰু আলফা স্বাধীন এটা দল গৈ থকা বুলি ভুলবশত এম্বুশ কৰি ৬ গৰাকীকৈ কয়লা শ্ৰমিকক গুলীয়া থকা-সৰকা কৰিছিল।

ইয়াৰ পিছত নিশা গাঁওবাসীয়ে শ্ৰমিক কেইজনৰ মৃতদেহ বিচাৰি ঘটনাস্থলিত উপস্থিত হোৱাৰ সময়ত লগা সংৰ্ঘষ এজন সেনা জোৱান নিহত হোৱাৰ লগতে অন্য ৮ জনৰ নিৰীহ গঞাৰ মৃত্যু হৈছিল।