নিউজ ডেস্ক। নাগপুৰৰ আশীৰ্বাদ লাভ কৰিলে এআইইউডিএফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে। অৱশ্যে এয়া ৰাজনৈতিক আশীৰ্বাদ নহয়। দৰাচলতে এগৰাকী নাগপুৰীয়া বাবাই হিয়া উজাৰি আশীৰ্বাদ দিলে আজমলক।
বাবাৰ আশীৰ্বাদ লাভ কৰি বদৰুদ্দিন আজমলে কয়, “নাগপুৰীয়া বাবাই কেৱল বিজেপিকে আশীৰ্বাদ নিদিয়ে, মোকো দিয়ে।”
দৰাচলতে আজিৰে পৰা আৰম্ভ হোৱা মা কামাখ্যা ধামৰ অম্বুবাচী মেলা উপলক্ষে নাগপুৰৰ পৰা আহি অসমত উপস্থিত হয় বাবা ভাজিনাথ পণ্ডিত।
সন্ত গৰাকীয়ে সাংসদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ বদৰুদ্দিন আজমলক আশীৰ্বাদ প্ৰদান কৰি তেওঁৰ দীৰ্ঘায়ু কামনা কৰে। তাতেই সংসদ আজমলে কিছু ৰসিক মুহূৰ্ত পাৰ কৰে বাবাৰ সৈতে।
কথাৰ মাজতে আজমলে ৰসিকতাৰে কয়, “আজিকালি নাগপুৰৰ আটাইতকৈ ডাঙৰ বাবা কোন জানেনে নাই? তেওঁ হৈছে মোহন ভাগৱত।”
প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহকো বাবা আখ্যা দিয়ে আজমলে। বাবাই আশীৰ্বাদ দিয়াৰ সময়ত তেওঁ কয়, “মই বেছি বছৰ জীয়াই থাকিব নিবিচাৰোঁ। ৭০ বছৰেই যথেষ্ট। তাৰ পিছত জীয়াই থাকি কি কৰিম?”
নাগপুৰীয়া বাবা আৰু সাংসদ বদৰুদ্দিন আজমলৰ ৰসিক বাৰ্তালাপৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।