
নিউজ ডেস্কঃ প্ৰৱল ইচ্ছাশক্তি আৰু অধ্যাৱসায়ৰ বলত ইতিহাস ৰচিবলৈ সক্ষম হ’ল কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ তিনি ভাতৃ-ভগ্নীয়ে।
দৰিদ্ৰতাৰ প্ৰত্যাহ্বানকো নেওচি বিনা ইণ্টাৰনেট আৰু কোচিঙেৰে তিনি ভাতৃয়ে একেলগে সফলতা লাভ কৰিবলৈ সক্ষম হ’ল জম্মু-কাশ্মীৰ অসামৰিক সেৱাৰ পৰীক্ষাত।
জম্মুৰ দোদা জিলাৰ হিল্লী গাঁৱৰ নিৱাসী এই তিনি ভাতৃ-ভগ্নীয়ে একেটা কোঠাৰ পৰা একেখন কিতাপেৰে চিভিল চাৰ্ভিছৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।

এই পৰীক্ষাত জ্যেষ্ঠ ভগ্নী হুমা ৱানীয়ে ১১৭নং স্থান লাভ কৰাৰ বিপৰীতে ভগ্নী ইফৰা অঞ্জুম ৱানীয়ে ১৪৩ আৰু কনিষ্ঠ ভাতৃ সুহেইল আহমদ ৱানীয়ে ১১১ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়।
ইফৰা আৰু সুহেইলে প্ৰথম প্ৰচেষ্টাতে জেকেপিএছত সফলতা লাভ কৰাৰ বিপৰীতে হুমাই দ্বিতীয় প্ৰচেষ্টাত সফলতা অৰ্জন কৰে।
উল্লেখ্য যে, এই তিনি ভাতৃ-ভগ্নীৰ পিতৃ মুনীৰ আহমদ ৱানী এগৰাকী শ্ৰমিক ঠিকাদাৰ। পূৰ্বে এটা ব্যক্তিগত কোম্পানীত মেকানিক হিচাপে তেওঁ কৰ্মৰত আছিল।

মাহিলী ১৫-২০ হাজাৰ টকাৰ দৰমহা লাভ কৰা মুনীৰ ৱানীৰ বাবে তিনি সন্তানক শিক্ষা প্ৰদান কৰাটো মুঠেও সহজ নাছিল।
কিন্তু দৰিদ্ৰতা আৰু আৰ্থিক প্ৰত্যাহ্বানক হেঙাৰ হ’বলৈ নিদিয়াকৈ তিনি ভাতৃ-ভগ্নীয়ে একেটা কোঠাৰ পৰা, তিনিওৰে মাজত একেখন কিতাপৰ জৰিয়তে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।
আনকি এই ভাতৃ-ভগ্নী ত্ৰয়ৰ হাতত নাছিল এটা স্মাৰ্ট ফোনো। কোচিং ল’বলৈ তেওঁলোকৰ নাছিল ধন।
জম্মু-কা্শ্মীৰ অসামৰিক সেৱা পৰীক্ষাত সফলতা অৰ্জন কৰাৰ পিছত সুহেইল আৰু ইফৰাই জম্মু আৰক্ষীত যোগদান কৰি জম্মু-কাশ্মীৰত বৃদ্ধি পোৱা ড্ৰাগছৰ সৰবৰাহ প্ৰতিৰোধ কৰিবলৈ ইচ্ছা ব্যক্ত কৰে।
আনহাতে হুমাই অসামৰিক প্ৰশাসনত যোগদান কৰি সমাজৰ প্ৰান্তীয় শ্ৰেণী আৰু মহিলাৰ হকে কাম কৰিব বিচাৰে বুলি মন্তব্য কৰে।