নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত স্থাপন হ’ব কৰ্কট চিকিৎসালয়ঃ মুখ্যমন্ত্ৰী…

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত স্থাপন হ’ব কৰ্কট চিকিৎসালয়।

নলবাৰীত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজত বুধবাৰে উপস্থিত হৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীৰ নিৰ্মীয়মাণ মেডিকেল কলেজ পৰিদৰ্শন কৰি ২০২২ চনত এই মেডিকেল কলেজ মুকলি কৰা হ’ব বুলি ঘোষণা কৰে।

মেডিকেল কলেজখনৰ বহিঃৰ্বিভাগত ২০২২ চনৰ নবেম্বৰ-ডিচেম্বৰ মাহত চিকিৎসা আৰম্ভ কৰা হ’ব আৰু ২০২৩ চনত মেডিকেল কলেজখনত নামভৰ্তি আৰম্ভ হ’ব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই

আনহাতে, নলবাৰী মেডিকেল কলেজ হাস্পতালত ৬০০ ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা থকাৰ লগতে মুঠ ১০০ খন আই চি য়ু বিছনাৰ সুবিধা থাকিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

লগতে মেডিকেল কলেজখনৰ চৌহদতে নতুনকৈ কৰ্কট ৰোগৰ চিকিৎসালয় নিৰ্মাণ হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment