
নিউজ ডেস্কঃ ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী যিমানেই কঠোৰ হৈছে, সিমানেই ন ন কৌশল অৱলম্বন কৰি অবৈধ বেহা চলাই গৈছে একাংশই।
কিন্তু তাৰ পিছতো আৰক্ষীয়ে নিতৌ অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী।
শেহতীয়াকৈ নলবাৰী আৰু কোকৰাঝাৰ জিলা আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই ৭৬০ কেজিতকৈও অধিক গাঞ্জা আৰু নিষিদ্ধ ড্ৰাগছসহ ৩ জন অভিযুক্ত ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে নলবাৰী জিলাৰ কৈঠালকুছি অঞ্চলত বেলশৰ আৰু চামতা আৰক্ষীয়ে অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে ১৭০ টা নিট্ৰাজেপাম আৰু ট্ৰেমাডল টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Another secret chamber of Ganja busted!
— Kokrajhar Police (@KokrajharPolice) July 7, 2022
Intercepted a vehicle and recovered 768 kgs of Ganja, kept hidden in a secret chamber in the trolley of the vehicle.
Accused has been arrested and he's gonna have a good time in the lockup!@CMOfficeAssam @DGPAssamPolice @gpsinghips pic.twitter.com/KOjhc6SVVQ
ইফালে কোকৰাঝাৰ আৰক্ষীয়েও এক সুকীয়া অভিযানত বাহনৰ গোপন চেম্বাৰত লুকুৱাই সৰবৰাহ কৰাৰ সময়ত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জা।
আৰক্ষীয়ে টুইট কৰি জানিবলৈ দিয়া মতে, এখন বাহনৰ পৰা ৭৬৮ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে এজন অভিযুক্তক আটক কৰে।