fbpx
অসমীয়াঅসম

নলবাৰীত নিৰ্মাণ অসম তথা উত্তৰ-পূবৰ সৰ্বোচ্চ ভগৱান শিৱৰ প্ৰতিমূৰ্তি! মহাশিৱৰাত্ৰীৰ দিনাই কৰা হ’ব উন্মোচন…

নিউজ ডেস্কঃ মহাশিৱৰাত্ৰীৰ দিনাই নলবাৰীত উন্মোচন কৰা হ’ব বিশ্বৰ ষষ্ঠ আৰু অসম তথা উত্তৰ-পূৰ্বৰ আটাইতকৈ ওখ ভগৱান শিৱৰ প্ৰতিমূৰ্তিটো।

ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা ৯১ ফুট উচ্চতাৰ এই বিশাল শিৱমূৰ্তিটো নিৰ্মাণ কৰা হৈছে নলবাৰী জিলাৰ খাৰজাৰা আশ্ৰমৰ সমীপত।

মহালক্ষ্মী চেভিংছ এণ্ড লেণ্ডিং কোঅপাৰেটিভ ছ’চাইটি লিমিটেডৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই সুবিশাল প্ৰতিমূৰ্তিটো।

image 71

ইতিমধ্যে ভগৱান শিৱৰ প্ৰতিমূৰ্তি উন্মোচন আৰু প্ৰতিষ্ঠাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

সোমবাৰে মহালক্ষ্মী চেভিংছ এণ্ড লেণ্ডিং সমবায় সমিতি লিমিটেডৰ বিষয়াসকলে এই সুবিশাল প্ৰতিমূৰ্তি উন্মোচন আৰু স্থান নিৰ্ণয় অনুষ্ঠান সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে।

সম্বোধন কৰা সংবাদমেলত মহালক্ষ্মী সঞ্চয় আৰু ঋণ সমবায় সমিতি লিমিটেডৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা ব্যৱস্থাৰ মুৰব্বী যোগনেশ্বৰ গোস্বামী, বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগৰ সম্পাদক অনুপ দাস আৰু শিৱ মূৰ্তি নিৰ্মাণৰ মুৰব্বী প্ৰদীপ পাল উপস্থিত থাকে।

Related Articles

Back to top button