অসম
নদী বান্ধ বিৰোধী শ্লোগান লিখাৰ বাবে চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ…

চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ।
নদী বান্ধ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় চিত্ৰশিল্পী নীলিম মহন্ত।
অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে শিল্পী জনক।

অৰুণাচল চৰকাৰে নদী বান্ধৰ সমৰ্থনত অংকন কৰাইছিল এখন ছবি।
নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবি খনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই।
অৰুণাচল সচিবালয়ৰ দেৱালত নীলিম মহন্তই লিখিছিল নদীবান্ধ বিৰোধী শ্ল’গান।
অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ।

ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু শিল্পীজনৰ বিৰুদ্ধে।
লখিমপুৰৰ পৰা শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি অৰুণাচলৰলৈ নিলে আৰক্ষীয়ে।