নদীৰ বালি খননত উদ্ধাৰ ১২০০ বছৰ পুৰণি দূৰ্গা মূৰ্তি

নিউজ ডেস্ক। হিন্দু সকলৰ আৰাধ্য দেৱী দূৰ্গাৰ প্ৰায় ১২০০ বছৰীয়া পৌৰাণিক মূৰ্তি উদ্ধাৰ।

নদীত বালি খননৰ সময়ত এই মূৰ্তি উদ্ধাৰ কৰিছে কেইজনমান শ্ৰমিকে।

G3

তাৰ পাছতে এই মূৰ্তি লাভ কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে।

বাদগাম জিলাৰ খান চাহিব অঞ্চলত আৰক্ষীয়ে লাভ কৰে এই মূৰ্তি।

E-HXQs-PUc-Actt-Cl

জানিব পৰা মতে, যোৱা ১৩ আগষ্টত শ্ৰীনগৰৰ পান্দ্ৰেথানত ঝেলুম নদীত কিছু শ্ৰমিকে বালি খনন কৰি আছিল।

সেই সময়তে শ্ৰমিক সকলে এটা কলা বৰণৰ শিল লাভ কৰে। যাক পিছত দূৰ্গা মূৰ্তি হিচাপে চিহ্নিত কৰে তেওঁলোকে।

E-HV0bx-Vk-AIfbh1

ইয়াৰ পিছতেই আৰক্ষীয়ে খবৰ লাভ কৰি সেই মূৰ্তিটো সংগ্ৰহ কৰে।

মংগলবাৰে জম্মু-কাশ্মীৰৰ ভূ-তত্ব আৰু সংগ্ৰহালয় বিভাগক এই মূৰ্তি হস্তান্তৰ কৰে। এই মূৰ্তি প্ৰায় ১২০০ বছৰৰ পুৰণি বুলি কোৱা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বাদগাম জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাহিৰ চালিম খানে জম্মু-কাশ্মীৰৰ ভূ-তত্ব আৰু সংগ্ৰহালয় বিভাগৰ উপ সঞ্চালক মুস্তাক আহমেদ বেইঘ সহ এটা দলক এই মূৰ্তিটো হস্তান্তৰ কৰা হয়।

Leave a Comment