ক’ভিডক লৈ ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন নিৰ্দেশনা।
ৰাজ্যজুৰি পুনৰ এঘণ্টা শিথিল কৰা হৈছে সান্ধ্য আইন।
সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।
সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।
আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা।
কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি।
ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।
কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল।
দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম বাতিল।
মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০ গৰাকী লোকে।
প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব।
অৱশ্যে দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।
বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।
অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।
কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ।
অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।
ৰিজ’ৰ্ট, হোটেল, ধাবাসমূহ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসনৰ গ্ৰাহকেৰে সন্ধিয়া ৬.০০ বজালৈকে খোলা ৰাখিব পাৰিব।
চিনেমা হ’ল বন্ধ থাকিব।
১৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম।
আনহাতে বিদ্যালয়সমূহ ছেপ্টেম্বৰ মাহৰ পৰা খোলাৰ ব্যৱস্থা কৰা হব বুলি সংবাদমেলত সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।