নতুন ৰূপ! ৰাজপথত গােলাপ লৈ বাইক আৰােহীক অপেক্ষা আৰক্ষীৰ…

নিউজ ডেস্ক। এক অন্য ৰূপত অসম আৰক্ষী! লাঠী-বন্দুক লৈ নহয়, ৰাজপথত গােলাপ ফুল লৈ অপেক্ষাৰত অসমৰ আৰক্ষীৰ একাংশ বিষয়া-জােৱান।

এফালে হেলমেট পৰিধান কৰি বাইক চলােৱা লােকক গােলাপৰ ফুল প্ৰদান, আনফালে বাইক হেলমেট নিপিন্ধা লােকৰ পৰা জৰিমনা সংগ্ৰহ, গােচৰ ৰুজু।

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাইকত উঠা প্ৰতিজনে হেলমেট পৰিধান কৰিব লাগিব বুলি কৰা ঘােষণা তথা বছৰৰ শেষৰ দিন এজনাে লােকৰ দুৰ্ঘটনাত মৃত্যু হ’বলৈ নিদিওঁ বুলি কৰা ঘােষণাৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

Transport-Officer-Enforcement-checking-pillion-riders-during-the-Kamrup-M-District-Transport-Office-

কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতে সষ্টম হৈ পৰিছে সংশ্লিষ্ট জিলাৰ আৰক্ষী।

থানাই থানাই কেৱল বাইক চালকৰ হেলমেট পৰীক্ষাৰ বাবে চলিছে বিশেষ অভিযান।

ইপিনে, নগাঁও আৰক্ষীয়েও বুধবাৰৰ পৰা তৎপৰতাৰে হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে।

আৰক্ষীৰ এই অভযানৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ বাইক আৰোহীৰ মাজত।

DTO-distribute-Helmet-to-Journalist-during-the-Kamrup-M-District-Transport-Office-DTO-strictly-imple

নগাঁও আৰক্ষীয়ে পুৱা ছয় বজাৰ পৰা নগাঁও সদক আৰক্ষী থানাৰ আগত উৰিয়াগাঁও, বৰঘাত বেবেজীয়া,পানীগাঁও, বৰবজাৰ, মৰিগাঁও বাছ ছিণ্ডিকেট, নতুন বজাৰ প্ৰমুখ্যে বিভিন্ন ঠাইত হেলমেট পৰিধান নকৰাসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

এই অভিযানত হেলমেট পৰিধান নকৰাকৈ মটৰচাইকেল চলোৱা বহুসংখ্যক লোকক জৰিমনা বিহা হয়।

আনহাতে, হেলমেট পিন্ধি নহা একাংশ আৰোহীয়েও ভৰিবলগা হ’ল জৰিমনা।

উল্লেখ্য যে হেলমেটৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান তিনি মাহপৰ্যন্ত চলিব।

বুধবাৰৰ দিনটোতে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত অভিযান চলাই হেলমেট অবিহনে মটৰচাইকেল চলোৱা কিম্বা স্কুটী, মটৰচাইকেলৰ পিছফালে উঠি অহা লোকক এহাজাৰ টকাকৈ জৰিমনা বিহি মুঠ ১০ লাখ ২০ হাজাৰ টকা সংগ্ৰহ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

সমগ্ৰ জিলাখনত সেই ধনৰ পৰিমাণ ১১ লাখ ১৭ হাজাৰ টকা বুলি প্ৰকাশ কৰিছে নগাঁও আৰক্ষীয়ে।

Leave a Comment