নতুন ৰূপত হিমা দাস! অসম আৰক্ষীৰ DSP হ’ল হিমা, আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান

নতুন ৰূপত হিমা দাস! অসম আৰক্ষীৰ DSP হ’ল হিমা, আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান

February 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নতুন ৰূপত দৌৰৰাণী হিমা দাস। অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হ’ল হিমা দাস।

আৰক্ষীৰ পোচাক পিন্ধি হিমা দাসে গ্ৰহন কৰিলে নিযুক্তি পত্ৰ।

ক্ৰীড়া নীতি ২০১৭-১৮ ভিত্তিত হিমা দাসক ডিএছপি ৰূপে নিযুক্তি অসম চৰকাৰৰ।

শুকুৰবাৰে সৰুসজাইত অনুষ্ঠিত হোৱা ৫৯৭ উপ-পৰিদৰ্শকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত হিমা দাসকো উক্ত পদত নিযুক্ত কৰা হয়।

অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্তই আনুষ্ঠানিকাভাৱে হিমাক নিযুক্তিপত্ৰ প্ৰদান কৰে।

হিমাই কয়- ”যেতিয়া পৰা মই বিদ্যালয়লৈ গৈছোঁ তেতিয়াৰ পৰাই মোৰ ইচ্ছা আছিল আৰক্ষী হোৱা। এই ইচ্ছাৰ আঁৰৰ মানুহগৰাকী হৈছে মোৰ মা। কাৰণ আন ছোৱালীয়ে যেতিয়া পুতলা হাতত লৈছিল, মই তেতিয়া পিষ্টল বিচাৰিছিলোঁ । তেতিয়া মোৰ মায়ে কৈছিল যে তোমাৰ যদি পিষ্টলৰ প্ৰতি ইমান হেপাঁহ তেনেহ’লে তুমি আৰক্ষী হোৱা। তেতিয়া তুমি চাকৰিও পাবা আৰু দৰমহাও পাবা। মোক প্ৰদান কৰা এই স্বীকৃতিৰ বাবে আৰু খেলুৱৈক খেলৰ প্ৰতি উৎসাহিত কৰিব।”

এই নিযুক্তিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তকলৈ কৃতজ্ঞতা জনায় হিমা দাসে।

লগতে চাওকঃ

নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ

হঠাতে নাৱৰ পৰা সাগৰত জাঁপ দিলে ৰাহুল গান্ধীয়ে! তাৰ পাছত…

অনলাইনত ক্ৰিকেটৰ প্ৰশিক্ষণ দিব শচীন তেণ্ডুলকাৰে!

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত গ’ল্ফ খেলুৱৈ টাইগাৰ উডছ্, দুয়োটা ভৰিত অস্ত্ৰোপ্ৰচাৰ