অসম

নতুন শৰাইঘাট দলঙত দুখন ডাম্পাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ, বহুসময় ধৰি গাড়ীৰ ভিতৰতে আবদ্ধ চালক

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

শুক্ৰবাৰে পুৱাই নতুন শৰাইঘাট দলঙত দুখন ডাম্পাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত দীৰ্ঘসময় ধৰি গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে এগৰাকী চালক।

জানিব পৰা মতে, আমিনগাঁও অভিমুখী AS25EC3643 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰে AS01HC4588 নম্বৰৰ আন এখন ডাম্পাৰক।

ফলত AS25EC3643 নম্বৰৰ গাড়ীখনৰ চফিক আলী নামৰ ২৭ বছৰীয়া চালকজন গাড়ীতেই বেয়াকৈ আৱদ্ধ হৈ পৰে।

লগে লগে ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত চালকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই যদিও বিফল হয়।

অৱশেষত পাণ্ডু আৰু পানবজাৰ অগ্নি আৰু জৰুৰী সেৱা বাহিনীৰ দুটাকৈ দল উপস্থিত হৈ প্ৰায় এঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত চালকজনক উলিয়াই আনিবলৈ সক্ষম হয়।

জানিব পৰা মতে, এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত চালকজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। আঘাতপ্ৰাপ্ত চালকজনৰ ঘৰ হাজোৰ দামপুৰত।

ইফালে এই দুৰ্ঘটনাত চালকজনৰ সহযোগী হেণ্ডিমেন এজনো আঘাতপ্ৰাপ্ত হয়।

স্থানীয় লোকৰ প্ৰচেষ্টাত হেণ্ডিমেনজনক প্ৰথমেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

Back to top button