‘নতুন মোল্লাই বেছিকৈ পিঁয়াজ খায়’- কংগ্ৰেছ ‘ভাৰত জড়ো’ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ…

কংগ্ৰেছে সমগ্ৰ দেশজুৰি আজিৰে পৰা আৰম্ভ কৰিব ‘ভাৰত জোড়ো যাত্ৰা’।

বিজেপিৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰিবলৈ আৰম্ভ কৰা এই যাত্ৰাক নেতৃত্ব প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ নেতৃত্বত বাহিৰ হ’বলগীয়া এই ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ দেশৰ ৰাজনীতিত চৰ্চা তীব্ৰতৰ হোৱাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছে- ৰাহুল গান্ধীয়ে ভাৰত নহয়, পাকিস্তানত বাহিৰ কৰিব লাগে ভাৰত জোড়ো আন্দোলন।ভাৰত সদায় একত্ৰিত হৈ আছে। কংগ্ৰেছেহে ভাৰতৰ দ্বিখণ্ডিত কৰিছিল। সেয়ে ৰাহুল গান্ধীয়ে পাকিস্তানত এই যাত্ৰা কৰিব লাগে।

‘ভাৰত সংযুক্ত, আৰু একত্ৰিত। ভাৰত জড়ো কাৰ্যসূচী ৰাহুল গান্ধীক পাকিস্তানলৈ লৈ যাবলৈ পৰামৰ্শ দিব বিচাৰিছো।’

এই বক্তব্যৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাক উভতি ধৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে৷

তেওঁ কয় যে, নতুন মোল্লাই বেছিকৈ পিঁয়াজ খায়। তেওঁ বিহ ৰোপণ কৰিছে। তেওঁ নিশ্চয় আৰএছএছৰ কাৰ্যালয়লৈ গৈ ‘অখণ্ড ভাৰত’ৰ নক্সা দেখিছে।