নতুন বছৰত ৰাজ্যবাসীৰ বাবে আহিব এক বেয়া খবৰ, অভাৱনীয় হাৰত বৃদ্ধি পাব বিদ্যুতৰ মাচুল…

নতুন বছৰত ৰাজ্যবাসীৰ বাবে আহিব এক বেয়া খবৰ।

নতুন বছৰৰ পৰা অভাৱনীয় হাৰত বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা নিৰীখ বৃদ্ধিৰ বাবে বিদ্যুত নিয়ামক আয়োগক আবেদন জনাইছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে।

জীৱন ধাৰাৰ গ্ৰাহকৰ পৰা গধুৰ উদ্যোগলৈ সকলোতে বিদ্যুৎ মাচুল বৃদ্ধি কৰিব লাগে বুলি এই প্ৰস্তাৱটোত উল্লেখ আছে।

জীৱন ধাৰাৰ ফিক্সড চাৰ্জ ২০ টকাৰ পৰা ৪০ টকা কৰাৰ লগতে প্ৰতি ইউনিটত ১.৭৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে।

ইয়াৰ পূৰ্বে জীৱন ধাৰাৰ গ্ৰাহকসকলে প্ৰতি ইউনিটত ৪.২৫ টকা ব্যয় কৰি আহিছিল যদিও এতিয়া ৬ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছে।

আনহাতে ঘৰুৱা সংযোগৰ ফিক্সড চাৰ্জ ২৫ টকা আৰু প্ৰতি ইউনিটত ৪.৯০ টকাৰ পৰা ৬.৭৫ টকা কৰাৰ প্ৰস্তাৱ।

আনহাতে ১২০ ইউনিটৰ ওপৰত ৬.১৫ টকাৰ পৰা ৭.৯০ টকা কৰাৰ প্ৰস্তাৱ।

অতিৰিক্ত ইউনিটত ৭.১৫ টকাৰ পৰা ৮.৪০ টকা কৰাৰ প্ৰস্তাৱ।

পাঁচ কিলোৱাটৰ ঘৰুৱা সংযোগৰ মাচুল প্ৰতি ইউনিটত ১.৫০ টকা বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে।

বাণিজ্যিক সংযোগৰ ফিক্সড চাৰ্জ ২০ টকা আৰু প্ৰতি ইউনিটত ১.৫০ টকা বৃদ্ধিৰ প্ৰস্তাৱ লৈছে।

ইফালে কৃষি সংযোগৰ ফিক্সড চাৰ্জ ২৫ টকা আৰু প্ৰতি ইউনিটত ১.৭৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ।

Leave a Comment