অসম
নতুন দিল্লীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়ালে অসম কন্যা নুপুৰ বৰ্মনে…

নতুন দিল্লীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়ালে অসম কন্যা নুপুৰ বৰ্মনে।
নতুন দিল্লীত অনুষ্ঠিত হোৱা ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসত কোকৰাঝাৰৰ নুপুৰ বৰ্মনে উত্তৰ পূৰ্বাঞ্চলৰ হৈ অংশগ্ৰহণ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে৷
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰী নুপুৰ বৰ্মনে ধুবুৰীস্থিত সপ্তম এনচিচিৰ পৰা নিৰ্বাচিত হৈ অংশগ্ৰহণ কৰিছিল৷
উত্তৰ পূৰ্বাঞ্চলৰ ৩০ জনীয়া প্ৰতিনিধি দলটোত অসমৰ সাত গৰাকী কেডাৰে অংশগ্ৰহণ কৰিছিল৷
অসমৰ সাত জনীয়া দলটোত নুপুৰ বৰ্মনো অংশগ্ৰহণ কৰাৰ সুুযোগ লাভ কৰে৷
নুপুৰ বৰ্মন কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী চৰাইখোলাৰ দীপজ্যোতি বৰ্মন আৰু শোভা বৰ্মনৰ কন্যা৷